Wednesday, October 5, 2022
HomeNewsমুম্বাই ইণ্ডিয়ানছৰ হৈ যুঁজ সাজু হৈ দিবলৈ সাজু সূৰ্যকুমাৰ যাদৱ

মুম্বাই ইণ্ডিয়ানছৰ হৈ যুঁজ সাজু হৈ দিবলৈ সাজু সূৰ্যকুমাৰ যাদৱ

অলিম্পিয়া প্ৰতিবেদন

আইপিএলত মুম্বাই ইন্ডিয়ানছ বুলিলে সততে মনলৈ অহা এখন মুখ সূৰ্যকুমাৰ যাদৱ । চলিত আইপিএলৰ মজিয়াত বৰ্তমানলৈকে তেওঁ‌ক দেখা যোৱা নাছিল যদিও অহা শনিবাৰে মেচত দেখা যাব তেওঁ‌ক । ইতিমধ্যে ইয়াৰ বাবে সাজু হৈ উঠিছে সূৰ্যকুমাৰ । দ্ৰুতগতিৰে চলিছে অনুশীলন । এই পৰ্যন্ত ১১৪খন মেচত সৰ্বমূঠ ২৩৪১ ৰাণ কৰিবলৈ সক্ষম হোৱা এইজন বেটছমেনে নতুন ৰণকৌশলেৰে শনিবাৰে নামিব খেলপথাৰত । বৃহস্পতিবাৰে এক বিবৃতি যোগে মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাই জনালে এই বাৰ্তা ।
বিগত মাহত আঙুলিত আঘাত পোৱাৰ বাবে শ্ৰীলংকা বিৰুদ্ধে অনুষ্ঠিত টি-২০ আৰু টেষ্ট ছিৰিজৰ পৰাও বিৰত আছিল তেওঁ‌ । একপ্ৰকাৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণতে শেষবাৰৰ বাবে হাতত বেট লোৱা দেখা গৈছিল সূৰ্যকুমাৰক ।
ইতিমধ্যে দিল্লী কেপিটেছৰ বিৰুদ্ধে প্ৰথমখন মেচত জয়লাভ কৰি নিজৰ অভিযান অব্যাহত ৰাখিছে ৰোহিত বাহিনীয়ে । তাৰ মাজতে দৰ্শকৰ উৎকণ্ঠা অন্ত পেলাই ৰোহিত বাহিনীত পুনৰ যোগ হল সূৰ্যকুমাৰ ।
উল্লেখনীয় যে মুম্বাই টিমৰ ৪ জন ৰিটেইনাৰৰ ভিতৰত সূৰ্যকুমাৰো এজন । ১৬ কোটিৰে ৰোহিত শৰ্মা , ১২ কোটিৰে যশপ্ৰীত বুমৰাহ, ৬ কোটিৰে কিৰণ পোলাৰ্ড আৰু ৮ কোটি টকাৰে সূৰ্যকুমাৰক ধৰি ৰাখিছিল দলে । সমাগত মেচত দৰ্শকৰ দৃষ্টি নিবন্ধ থাকিব সূৰ্যৰ বেটৰ ওপৰত । সূৰ্যই দৰ্শকক কিদৰে মনোৰঞ্জিত কৰে সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments