Monday, October 3, 2022
HomeNewsৰাণ শূণ্যৰেই প্ৰেভিলিয়নলৈ উভতিল চেন্নাই ছুপাৰ কিংছ ৰথী মহাৰথী : বিমুখ চি...

ৰাণ শূণ্যৰেই প্ৰেভিলিয়নলৈ উভতিল চেন্নাই ছুপাৰ কিংছ ৰথী মহাৰথী : বিমুখ চি এছ কেৰ অনুৰাগী

অলিম্পিয়া প্ৰতিবেদন

জাডেজা শূণ্য । ম‌ঈন আলী শূণ্য । ডৱেন বেভো শূণ্য । ৰাণ শূণ্যৰেই প্ৰেভিলিয়নলৈ উভতিল চেন্নাই ছুপাৰ কিংছৰ ৰথী মহাৰথী । পাঞ্জাৱ কিংছৰ হাতত ধৰাশায়ী বিগত বৰ্ষৰ চেম্পিয়ন দল চি এছ কে । ২৩ ৰাণত ক্ষান্ত থাকিল এম এছ ধোনী ।

মহাৰাষ্ট্ৰত অব্যাহত আছে আই পি এল । দেওবাৰৰ মেচত চেন্নাই ছুপাৰ কিংছে পঞ্জাৱ কিংছৰ হাতত শোচনীয়ভাৱে আত্মসমৰ্পণ কৰিলে। ১৮ অভাৰতে অল আউট ৰবীন্দ্ৰ জাডেজাৰ নেতৃত্বৰ চি এছ কে । প্ৰথমে বেটিং কৰি মায়ংক বাহিনীয়ে ৮ উইকেটৰ বিনিময়ত চি এছ কেক ১৮১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । পঞ্জাৱৰ হৈ লিয়াম লিভিংষ্টনে ৬০ ৰাণৰ সুন্দৰ ইনিংছ খেলে । সেইদৰে শিখৰ ধাৱানে ৩৩ , ,জীতেশ শৰ্মা ২৬ ৰাণৰ বৰঙণি দিয়ে । কিন্তু বিপৰীতে ক্ৰীজলৈ আহিয়েই যেন থৰকাচুতি হেৰুৱালে জাডেজা বাহিনীয়ে । এটাৰ পাছত আনটো উইকেটৰ পতনে উৎকন্ঠিত কৰিলে চি এছ কেৰ অনুৰাগীক । শূণ্যতেই উভতিল চি এছ কেৰ ম‌ঈন আলী , ৰবীন্দ্ৰ জাডেজা, ব্ৰেভোৰ দৰে মহাতাৰকা । গভীৰ চাপত থাকিল চি এছ কে। শিৱম ডুবেৰ ৫৭ ৰাণে চেন্নাইক কিছু সকাহ দিলেও সেয়া পৰৱতী সময়ত কামত নাহিল । চি এছ কেৰ পূৰ্বৰ অধিনায়ক ধোনীৰ ওপৰত আছিল শেষ ভৰষা। বহু কঠিন পৰিস্থিতিত মেচ জিকোৱাৰ অভিলেখ আছে জনপ্ৰিয় ক্ৰিকেটাৰ জনৰ নামত । পিছে সকলো অনুৰাগীক বিমুখ কৰি ২৩ ৰাণত কেটছ আউট হয় ধোনী । ফলত ছি এছ কেৰ আশাত যেন চেঁচাপানী পৰিল ।ধোনীয়েও ৰক্ষা কৰিব নোৱাৰিলে এই মহাৰণত ।

পঞ্জাবৰ বলাৰৰ বলিং ত্রাসত দিশহাৰা হ’ল- চি এছ কে । পঞ্জাবৰ হৈ ৰাহুল চহৰে ৩ টা উইকেট দখলেৰে চমকিত কৰিলে ।সেইদৰে বৈভৱ আৰোৰাই ২ টা উইকেট দখলেৰে দেখুৱালে বলিং পৰাক্ৰম । ফলত ১৮ অভাৰতে অল আউট হৈ পৰাজয় স্বীকাৰ কৰিলে জাডেজা বাহিনীয়ে ।
উল্লেখযোগ্য যে চি এছ কে এতিয়ালৈকে এই ছিজনত তিনিখন মেচত অৱৰ্তীণ হৈছে । দুখৰ কথাটো হল যে তিনিখনতেই পৰাজয় বৰণ কৰিছে দলটোৱে । যোৱাবাৰৰ চেম্পিয়ন। দলটোৰ আৰম্ভণিৰ পৰাই এনে দুৰ্বল প্ৰদৰ্শনৰ কাৰণ কি ? অধিনায়ত্ব নে অন্য কিবা । সি যিয়েই নহওক, অনুৰাগীয়ে আশা কৰিছে জাডেদাৰ অধিনায়কত্বত ছন্দ ঘূৰাই পাওক য়েল্ল আৰ্মিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments