Monday, October 3, 2022
HomeNewsআই পি এলত দিনেশ কাৰ্তিকৰ বেটিং ধুমুহা : প্লেছিছ বাহিনীৰ সমুখত তচনচ...

আই পি এলত দিনেশ কাৰ্তিকৰ বেটিং ধুমুহা : প্লেছিছ বাহিনীৰ সমুখত তচনচ ৰাজস্থান ৰয়েলছ

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত দিনেশ কাৰ্তিকৰ বেটিং ধুমুহা । অপ্ৰতিৰোধ্য ছাহবাজ আহমেদ । ফাফ ডু প্লেছিছ বাহিনীৰ সমুখত তচনচ ৰাজস্থান ৰয়েলছ ।

আই পি এলত বিজয় ৰথ থমকিলে ৰাজস্থান ৰয়েলছৰ । চলিত ছিজনত দুখন নিজা মেচৰ দুখনতে বিজয়ধাৰা অব্যাহত ৰখা ৰাজস্থানে তৃতীয় মেচত পৰাস্ত হ’ল আৰ চি বিৰ হাতত । মংগলবাৰে আই পি এলৰ মহাৰণত অৱতীৰ্ণ হ’ল ৰাজস্থান ৰয়েলছ বনাম আৰ চি বি । প্ৰথমে বেটিং কৰি ৩ টা উইকেটৰ বিনিময়ত ১৬৯ ৰাণ সংগ্ৰহ কৰে সঞ্জু বাহিনীয়ে । ৰাজস্থানৰ হৈ জোছ বাটলাৰে ৭০ ৰাণ আৰু চিমৰণ হেটমেয়াৰে ৪২ ৰাণৰ সুন্দৰ ইনিংছ খেলে । অধিনায়ক হিচাপে সঞ্জু চেমচনে ৮ ৰাণ কৰি আউট হয় ।

ইফালে ১৭০ ৰাণৰ লক্ষ্য লৈ আৰ চি বি নামিল খেলপথাৰত । ১৯.১ অভাৰত ৬ টা উইকেটৰ বিনিময়ত লক্ষ্যত উপনীত হয় ফাফ ডু প্লেছিছ বাহিনী ।

ৰাজস্থানৰ হৈ যুবেন্দ্ৰ চাহলৰ ২ টা উইকেট, ট্ৰেণ্ড বল্টৰ ২ টা, নৱদ্বীপ সৈনীয়ে ১ টাকৈ উইকেট পতন ঘটায় । গভীৰ চাপত থকা মেচখনত অনন্য ৰূপ দিলে আৰ চি বিৰ ছাহবাজ আহমেদ আৰু দিনেশ কাৰ্তিকে ।

চাহবাজ আহমেদৰ ৪৫ ৰাণৰ অৱদান আছিল আৰ চি বিৰ বাবে গুৰুত্বপূৰ্ণ । দিনেশ কাৰ্তিকে ক্ৰীজত দেখুৱালে বেটিং পৰাক্ৰম । ২৩ টা বলত দিনেশ কাৰ্তিকৰ ৪৪ ৰাণেৰে বিজয় সাব্যস্ত কৰিলে আৰ চি বিয়ে । ইয়াৰে দিনেশৰ আছিল ৭ টা বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰী । অধিনায়ক হিচাপে ফাফ ডু প্লেছিছ ১৯ ৰাণতে আউট হলেও দিনেশ কাৰ্তিকৰ বেটে হাঁহি বিৰিঙাবলৈ সক্ষম হ’ল আৰ চি বিৰ অনুৰাগীৰ মুখত । বিৰাট কোহলিৰ প্ৰদৰ্শন আছিল দুৰ্বল ।
সঞ্জু চেমচনৰ দ্বাৰা ৫ৰাণ কৰিয়েই ৰাণআউট হল পূৰ্বৰ আৰ চি বিৰ অধিনায়ক গৰাকী । কিন্তু বিৰাটৰ দৰে দুৰ্ধৰ্ষ বেটছমেনৰ অনুপস্থিতিতো সেই কাম কৰি দেখুৱালে দিনেশ বা ছাহবাজে । এক সুন্দৰ ফিনিছিঙৰে চলিত ছিজনত নিজা তৃতীয় মেচত দ্বিতীয় বাৰৰ বাবে বিজয়ৰ মালা পিন্ধিলে আৰ চি বিয়ে ।

পিছে, শেষৰখন মেচত পৰাস্ত হলেও ৪ পইন্টৰে তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ ।আনহাতে, তালিকাৰ সৰ্বনিম্ন স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

বুধবাৰে, কলকাতা নাইট ৰাইডাৰৰ্ছ অৱৰ্তীণ হ’ব মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে । এই পৰ্যন্ত দুখন মেচৰ ভিতৰত এখনতো জয়ৰ মুখ নেদেখা মুম্বাই ইণ্ডিয়ানছৰ বাবে বুধবাৰৰ মেচখন হব গুৰুত্বপূৰ্ণ ।

এইদৰেই আই পি এলত ৰথী মহাৰথীৰ বলিং শৈলী ,বেটিং ধুমুহাই মোহাচ্চন্ন কৰিছে ক্ৰিকেট বিশ্বক । এই ছিজনত কোনে পিন্ধিব চেম্পিয়নৰ মুকুট, ইয়াকে লৈ উৎকন্ঠিত ক্ৰিকেটৰ কোটি কোটি অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments