Monday, October 3, 2022
HomeNewsবিগত আইপিএলত অৱহেলিত তৰুণ ক্ৰিকেটাৰ আজি লক্ষ্ণৌৰ নয়নৰ মণি : শক্তিশালি ৰূপত...

বিগত আইপিএলত অৱহেলিত তৰুণ ক্ৰিকেটাৰ আজি লক্ষ্ণৌৰ নয়নৰ মণি : শক্তিশালি ৰূপত ঘূৰাইছে বেট

অলিম্পিয়া প্ৰতিবেদন

আইপিএলৰ বিগত বৰ্ষত অৱহেলিত হোৱা এজন তৰুণ ক্ৰিকেটাৰ । ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড় আৰু ভি ভি এছ লক্ষণে পত্ৰযোগে বহুবাৰ অনুৰোধ কৰাৰ পাছতো গুৰুত্ব পোৱা নাছিল কোনোটো দলত । কিন্তু ভাগ্যৰ চকৰি ঘূৰিলে কোনে ধৰি ৰাখিব পাৰে প্ৰতিভাক ! পূৰ্বতে অৱহেলিত হোৱা উদিত ক্ৰিকেটাৰজনক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা । পূৰ্বতে কোনো এটা দলেও গ্ৰহণ নকৰা আয়ুস বাদানি চলিত আইপিএলৰ নৱগঠিত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলৰ ছুপাৰ হিৰ’ । গৌতম গম্ভীৰৰ পৰামৰ্শত জিলিকি উঠা বাদানিয়ে ইখনৰ পাছত সিখন মেচত দেখুৱাইছে চমক । তেওঁৰ এনে প্ৰদৰ্শনত অভিভূত লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল ।
চলিত ছিজনৰ আইপিএলত যোৱা ২৮ মাৰ্চত গুজৰাটৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন মেচত ৪১ টা বলত ৫৪ ৰাণ সংগ্ৰহেৰে নিজৰ দক্ষতা প্ৰকাশ কৰা বাদানিয়ে ৪ টা চাৰি আৰু ৩ টা ছয়েৰে দললৈ আগবঢ়ায় এক বিশেষ অৱদান । যাৰ বাবে খেলৰ অন্তিম মুহূৰ্তত কে এল ৰাহুলে তেওঁৰ নাম থলে ‘চাইল্ড এ বি ডি ভিলিয়াৰ্ছ ‘ ।
বাদানিয়ে বৰ্তমানলৈকে খেলা তিনিখন মেচৰ ভিতৰত দ্বিতীখনত চেন্নাইৰ বিৰুদ্ধে ২ টা ছয়েৰে ৯ টা বলত ১৯ ৰাণ কৰি নট আউট হৈ ৰয় । তৃতীয়খন মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে ৩ টা চাৰিৰে ১২ টা বলত ১৯ ৰাণেৰে নিজৰ ধাৰা অব্যাহত ৰাখিছে । তেওঁৰ এই দুৰ্দান্ত বেটিঙত আপ্লুত দৰ্শকো । সকলোৰে দৃষ্টি নিবন্ধ আছে বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে হ’বলগীয়া চতুৰ্থখন মেচত বাদানিয়ে কি ভূমিকা গ্ৰহণ কৰে তাৰ ওপৰত ।
উল্লেখনীয় যে লক্ষ্ণৌৱে আৰম্ভণিৰ প্ৰথমখন মেচত পৰাজয় বৰণ কৰিছে যদিও তাৰ পাছৰ দুয়োখন মেচত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান অক্ষুণ্ণ ৰাখিছে । এই বিজয়ী অভিযানত বাদানিৰ বিস্ফোৰক বেটিঙে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কে এল ৰাহুলৰ নেতৃত্বাধীন লক্ষ্ণৌ দললৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments