Tuesday, October 4, 2022
HomeNewsআই পি এলত ধাৰাবাহিক পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ :অধিনায়ক হিচাপে কলকাতাৰ বিৰুদ্ধে ৰোহিতৰ...

আই পি এলত ধাৰাবাহিক পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ :অধিনায়ক হিচাপে কলকাতাৰ বিৰুদ্ধে ৰোহিতৰ বৰঙণি ৩ ৰাণ !

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত ধাৰাবাহিক পৰাজয় ৰোহিত বাহিনীৰ । তিনিখন মেচৰ ভিতৰত এখনতো জয়ৰ মুখ দেখা নাই মুম্বাই ইণ্ডিয়ানছে ।অধিনায়ক হিচাপে ৰোহিতৰ বৰঙণি ৩ ৰাণ । জয়ৰ মালা পিন্ধিলে কলকাতা নাইট ৰাইডাৰ্ছে ।

চলিত ছিজনৰ আই পি এলত ধাৰাবাহিক পৰাজয় বৰণ কৰিছে প্ৰাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে । বুধবাৰৰ এখন হাই ভল্টেজ মেচত অৱৰ্তীণ হ’ল মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ । প্ৰথমে বেটিং কৰি ৪ উইকেটৰ বিনিময়ত মুম্বায়ে সংগ্ৰহ কৰে ১৬১ ৰাণ । সূৰ্য্যকুমাৰ কুমাৰ যাদৱৰ ৫২ ৰাণ আছিল মুম্বাইৰ বাবে গুৰুত্বপূৰ্ণ । মুম্বাইৰ হৈ মাত্ৰ ৫ টা বলত ২২ ৰাণ কৰি চমক দিলে কেইৰণ প’লাৰ্ডে । তিনিটা বাউণ্ডেৰীৰে নট আউট হৈ ৰোৱা প’লাৰ্ডৰ স্ট্ৰাইক ৰেট হললৈ ৪৪০ । কিন্তু এইসকল দুৰ্দান্ত খেলুৱৈৰ অৱদানেও সহায় নকৰিলে ৰোহিত বাহিনীক । অধিনায়ক হিচাপে হিটমেনে বুধবাৰৰ মেচত বেটেৰে কৰিব নোৱাৰিলে হিট । ১২ টা বলত ৩ ৰাণ কৰিয়েই পেভেলিয়নলৈ উভতিল মহাতাৰকা ৰোহিত । প্ৰত্যুত্তৰত
১৬২ ৰাণৰ লক্ষ্য লৈ মৈদানত নামিল শ্ৰেয়াছ আয়াৰ বাহিনী ।অধিনায়ক হিচাপে শ্ৰেয়াছে ১০ ৰাণত আউট হলেও আন মহাৰথীসকলে জয়ৰ লক্ষ্যত উপনীত কৰালে কলকাতাক । ভেংকটেশ আয়াৰৰ অপৰাজিত অৰ্ধশতকে জয়ৰ মুখলৈ লৈ গ’ল দলটোক । লগতে পেট কমিনছৰ অপৰাজিত ৫৬ ৰাণৰ ইনিংছে সকাহ দিলে অধিনায়ক শ্ৰেয়াছ আয়াৰক । পেট কামিনছ আৰু ভেংকটেশৰ এটাৰ পিছত আনটো বাউণ্ডেৰী -অভাৰ বাউণ্ডেৰীত তচনচ হল ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছ ।ফলত ১৬ অভাৰতে ৫ উইকেটৰ বিনিময়ত কলকাতাই পুনৰ বিজয় মালা পিন্ধিলে ।

উল্লেখযোগ্য যে, কলকাতাই এই পৰ্যন্ত ৪ খন মেচত অৱৰ্তীণ হৈ তিনিখনতেই বিজয় সাব্যস্ত কৰিছে । মুম্বাইৰ তিনিখন মেচৰ ভিতৰত তিনিখনতেই লজ্জাজনক আত্মসমৰ্পণে বিমুখ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক । আই পি এলত পূৰ্বৰ ৫ বাৰৰ চেম্পিয়ন দলটোৰ এই দুৰ্দশাক কোনোমতে মানি ল’ব পৰা নাই অনুৰাগীসকলে ।

পইন্ট টেবুলত ৬ পইন্টেৰে শীৰ্ষস্থানলৈ উন্নীত হ’ল কলকাতা নাইট ৰাইডাৰৰ্ছ । ৪ পইন্টৰে দ্বিতীয় স্থানলৈ অৱনমিত হ’ল ৰাজস্থান ৰয়েলছ । আনহাতে, এখনো মেচত জয়ী নোহোৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ আদি দল শূন্য পইন্টৰে আছে তালিকাৰ সৰ্বনিম্ন স্থানত ।

বৃহস্পতি বাৰে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছৰ বিৰুদ্ধে ।

আই পি এলত বিগত সময়ত শক্তিশালী হৈ ধৰা দিয়া মুম্বাই ইণ্ডিয়ানছৰ দৰে দলসমূহৰ ইমান দুৰ্বল প্ৰদৰ্শন কিয় ? পূৰ্বৰ ছন্দ হেৰাইছে নেকি মুম্বাই ইণ্ডিয়ানছে ? এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰিছে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীয়ে । কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে ৰোহিত শৰ্মাৰ নেতৃত্বত পূবৰ ফৰ্মলৈ উভতি আহক মুম্বাই ইণ্ডিয়ানছ । আই পি এলত হিটমেনৰ বেটিং তাণ্ডৱ প্ৰত্যক্ষ কৰিবলৈ সদা প্ৰস্তুত ৰোহিত অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments