Monday, October 3, 2022
HomeNewsআই পি এলৰ নিলামত কাৰ ভাগ্য ফুলিল? কোন হ'ল উপেক্ষিত !...

আই পি এলৰ নিলামত কাৰ ভাগ্য ফুলিল? কোন হ’ল উপেক্ষিত ! শচীনৰ পুত্র অৰ্জুন মুম্বাই ইণ্ডিয়ানছত

অলিম্পিয়া প্ৰতিবেদন

সমাপ্ত হল দুদিনীয়া আই পি এলৰ মেগা অক্সন । সৰু-বৰ, ন-পুৰণি তাৰকা খেলুৱৈৰে সাজু এই ছিজনৰ আই পি এল । কাৰ ভাগ্য ফুলিল ! কোন হল উপক্ষিত ! সকলোবোৰ সামৰি অলিম্পিয়া স্পৰ্টছৰ এক বিশেষ প্ৰতিবেদন ।

বিগত ১২ আৰু ১৩ ফ্ৰেব্ৰুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হল এই ছিজনৰ আই পি এলৰ নিলাম প্ৰক্ৰিয়া । আই পি এলত নতুনকৈ অন্তৰ্ভূক্ত হোৱা লক্ষৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছ সহ মুঠ ১০ টা দলে বৃহৎ অৰ্থৰ বিনিময়ত ক্ৰয় কৰিলে ২০৪ জন খেলুৱৈক । ১০ টা দলে খৰচ কৰিলে মুঠ ৫৫১ কোটি ৭০ লাখ টকা । খালী হাতে উভতিল ৩৯৬ গৰাকী ক্ৰিকেটাৰ ।


প্ৰথমতে চাই ল‌ও ,কোন তাৰকা ক্ৰিকেটাৰ নাথাকিব এইবাৰৰ আই পি এলত । কোনো এটা ফেন্সাইজীয়ে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী তালিকাৰ চতুৰ্থ স্থানত থকা সুৰেশ ৰাইনাক । পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এইবাৰৰ আই পি এলৰ ছিজনত হল উপেক্ষিত । ঠিক সেইদৰে ২০২১ ত দিল্লীৰ হৈ খেলা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথক দেখা নাযাব আই পি এলৰ খেলপথাৰত ।আনহাতে ২০২১ ত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলা তথা এসময়ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বাংলাদেশৰ ছাকিব আল হাছান এইবাৰ নুঠিল নিলামৰ তুলাচনীত । তাৎপৰ্যপূৰ্ণভাৱে কোনো দলে ক্ৰয় নকৰিলে ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ লেগ স্পীনাৰ তথা বিগত ছিজনৰ দিল্লী কেপিটেলছৰ হৈ খেলা অমিত মিশ্ৰক । মিশ্ৰই আই পি এলৰ ১৫৪ খন মেচত ১৬৬ টা উইকেট দখল কৰিও এই ছিজনত হ’ল উপেক্ষিত ।


আনহাতে, কোনো এটা ফেন্সাইজীয়ে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে ইংলেণ্ডৰ শ্ৰেষ্ঠ স্পীনাৰ আদিল ৰছিদক । এইবাৰ আই পি এলত নাথাকিব ২০২১ চনত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ ইমৰাণ তাহিৰক । আশ্বৰ্যকৰ কথাটো হ’ল – ইংলেণ্ডৰ ক্ৰিকেটাৰ ইয়ন মাৰ্গন নেতৃত্বত ২০২১ ত কলকাতা নাইট ৰাইডাৰৰ্ছৰ হৈ ফাইনেল পৰ্যন্ত খেলাৰ পাছতো কোনো এটা দলে ক্ৰয় নকৰিলে তেওঁক । সেইদৰে ক্ৰয় নোহোৱাকৈ থাকিল ২০২০ চনত আৰ চি বিৰ হৈ খেলা এৰণ ফিন্স ।


ইয়াৰ মাজতে অসমলৈ আহিল ভাল খবৰ । বিগত ছিজনত উন্নত প্ৰৰ্দশন নকৰা সত্ত্বেও ৰিয়ান পৰাগ নিলাম হল ৩ কোটি ৮০ লাখ টকাত । চাৰিটাকৈ ফ্ৰেন্সাইজীয়ে ৰিয়ানক দলত বিছৰাত ৰিয়ানৰ আধাৰ মূল্য ৩০ লাখ টকাৰ পৰা স্পৰ্শ কৰিলে ৩ কোটিৰ ঘৰ ।
আনহাতে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্র অৰ্জুন টেণ্ডুলকাৰক ৩০ লাখত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে । উল্লেখযোগ্য যে, আই পি এলত একেটা দলৰ হৈ নিলাম হোৱা আৰু একেটা দলৰ হৈ খেলা খেলা প্ৰথম পিতা-পুত্রৰ যুটি হ’ল– শচীন আৰু অৰ্জুন ।


ইয়াৰ বিপৰীতে সৰ্বাধিক মূল্যত নিলাম হোৱা কেইগৰাকী তাৰকা ক্ৰিকেটাৰ হল ইশান কিষাণ । ১৫ কোটি ২৫ লাখ টকাত ইশানক ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে । ১৪ কোটি টকাত বেগী বলাৰ দীপক ছাহাৰক চেন্নাই ছুপাৰ কিংছ আৰু ১২ কোটি ২৫ লাখ টকাত শ্ৰেয়াছ আয়াৰক নিজৰ দলত অন্তৰ্ভূক্ত কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে । ইফালে, ১০ কোটি ৭৫ লাখ টকাত আৰ চি বিয়ে ক্ৰয় কৰিছে ২০২১ বৰ্ষত পাৰ্পল কেপ বিজয়ী তথা সৰ্বাধিক উইকেট দখলকাৰী দুৰ্ধৰ্ষ বলাৰ হৰ্ষল পেটেল আৰু শ্ৰীলংকাৰ ৰহস্যজনক স্পীনাৰ ৱানিন্দু হাছৰাংগাক ।

এইদৰেই ৩০ লাখৰ পৰা আৰম্ভ হৈ ১৫ কোটিৰ ঘৰত সমাপ্ত হৈছে আই পি এলৰ নিলাম । সমাগত আই পি এল ছিজনৰ বাবে কঁকালত টঙালি বান্ধিছে নিলাম হোৱা তাৰকা ক্ৰিকেটাৰসকলে । পুনৰ চমকপ্ৰদ প্ৰৰ্দশনেৰে এইসকল ক্ৰিকেটাৰে মোহাচ্চন্ন কৰিব ক্ৰিকেট বিশ্বক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments