Tuesday, July 5, 2022
HomeNewsআই পি এল ২০২০: মূল্যৱান খেলুৱৈৰ পৰা সৰ্বাধিক সংখ্যক ছিক্সলৈ কোনে কি...

আই পি এল ২০২০: মূল্যৱান খেলুৱৈৰ পৰা সৰ্বাধিক সংখ্যক ছিক্সলৈ কোনে কি সন্মান লাভ কৰিলে

অলিম্পিয়া প্ৰতিবেদন

ক’ভিড-১৯ ৰ অনিশ্চয়তাকো নেওচি ছেপ্টেম্বৰৰ ১৯ ৰ পৰা আৰম্ভ হৈছিল বি চি চি আইৰ ঐশ্বৰ্যশালী ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল। মংগলবাৰে উক্ত প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। দৰ্শকশূণ্য ষ্টেডিয়ামত দৰ্শকৰ কৃত্ৰিম আৱাজেৰে অনুষ্ঠিত আই পি এলৰ ত্ৰয়োদশ সংস্কৰণত জয় লাভ কৰে চাৰিবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছে।

মঙ্গলবাৰে ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মুম্বাইয়ে দিল্লী কেপিটেলছক ৫ উইকেটত বিজয় সাব্যস্ত কৰে। ৰোহিত শৰ্মাৰ অধিনায়কোচিত ৬৮ ৰানৰ সহায়েৰে চূড়ান্ত খেল খনত দিল্লীৰ বলিং আক্ৰমণক নিস্তেজ দেখা পোৱা গ’ল। পুনৰবাৰ ৰোহিত শৰ্মাক আই পি এলৰ অপ্ৰতিদ্বন্দী সম্ৰাটৰ শাৰীলৈ লৈ গ’ল এই জয়ে।

এইবাৰ আই পি এল প্ৰত্যাহ্বানৰ আই পি এল আছিল। জৈৱ সুৰক্ষাৰ মাজত নিজৰ স্বাভাৱিক খেলৰ প্ৰদৰ্শন কৰাতোও ইমান সহজ নাছিল। তাৰ মাজতে আই পি এলে লাভ কৰিলে ২০২০ বৰ্ষৰ চেম্পিয়ন দলটিক। বেটে বলে উজলি উঠা মুম্বাই ইণ্ডিয়ানছে যোগ্যভাৱেই তুলি ধৰিলে আই পি এলৰ মুকুট। চাওঁ আহক আই পি এল ২০২০ ৰ আন আন বঁটাসমূহ কোনে আজুৰি আনিলে!

মেন অৱ দ্য ফাইনেল: ফাইনেল মেচখনৰ প্ৰথমটো বলতেই মুম্বাইৰ ট্ৰেইণ্ট বল্টে পেভিলিয়নৰ বাট দেখুৱালে দিল্লী কেপিটেলছৰ মাৰ্কাছ ষ্টইনিছক। সেয়াই আৰম্ভণি। প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ বল্টে নিজৰ ৪ টা অভাৰৰ স্পেলটোত প্ৰতিপক্ষৰ ৩ টাকৈ উইকেট লাভ কৰে। মেচখনৰ ফলাফলত ব’ল্টৰ অভাৰটোৱে বিশেষ ভূমিকা পালন কৰে। তাৰ বাবেই তেওঁলৈ আগবঢ়োৱা হয় মেন অৱ দ্য ফাইনেলৰ সন্মান।

শ্ৰেষ্ঠ প্ৰতিভাৱান ক্ৰিকেটাৰ: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দেৱদূত পাড়িকাললৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ প্ৰতিভাৱান ক্ৰিকেটাৰৰ সন্মান। বেংগালুৰুৰ এইগৰাকী খেলুৱৈয়ে দেখুৱাবলৈ সক্ষম হয় পাৰদৰ্শিতা। ১৫ খন মেচত তেওঁ পাঁচটা অৰ্ধ শতকেৰে সংগ্ৰহ কৰে ৪৭৩ ৰান। পড়িকালৰ ষ্ট্ৰাইক ৰেট আছিল ১২৪.৮।

ফেয়াৰ প্লে এৱাৰ্ড: চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছেই লাভ কৰে ফেয়াৰ প্লে এৱাৰ্ডৰো সন্মান। খেল পথাৰত খেলুৱৈসুলভ আচৰণৰ বাবে এই বঁটা আগবঢ়োৱা হয়। কোনো অবাঞ্চিত হৈ হাল্লা নকৰি দলটোৱে এই সন্মানো আদায় কৰিবলৈ সক্ষম হয়।

গেমচেঞ্জাৰ: গেমচেঞ্জাৰ অৰ্থাৎ খেলৰ গতি সলনি কৰি দিয়া খেলুৱৈ। উক্ত সন্মান লাভ কৰে কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলে। দল ব্যৰ্থ হ’লেও বহুকেইখন মেচত ৰাহুলে নিজৰ বেটিঙেৰে খেলৰ ৰেহ ৰূপ সলনি কৰি দিছিল।

ছুপাৰ ষ্ট্ৰাইকাৰ: বিস্ফোৰক বেটিং শৈলীৰ বাবে জনাজাত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ কাইৰেণ প’লাৰ্ডলৈ আগবঢ়োৱা হয় ছুপাৰ ষ্ট্ৰাইকাৰৰ সন্মান। উন্নত মানৰ ষ্ট্ৰাইক ৰেটেৰে প্ৰতিযোগিতাখনত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৯১.৪২।

সৰ্বাধিক সংখ্যক ছিক্স: ছিক্সৰ সম্ৰাট ক্ৰিছ গেইলে কেইদিনমান পলমকৈ যোগ দিয়ে এইবৰ্ষৰ আই পি এলত। ফলত সৰ্বাধিক সংখ্যক ছিক্স কোবোৱাৰ অভিলেখ যায় বেলেগৰ হাতলৈ। ১৪ খন মেচত ৩০ টা ছিক্স কোবাই এই অভিলেখৰ গৰাকী হয় মুম্বাই ইণ্ডিয়ানছৰ ঈশান কৃষাণ।

পাৱাৰ প্লে: মেচ এখনৰ পাৱাৰ প্লে সময়ছোৱাত উজলি উঠা সকলক প্ৰদান কৰা হয় এই বঁটা। মুম্বাই ইণ্ডিয়ানছৰ ট্ৰেইণ্ট বল্টেই লাভ কৰে এই সন্মান। পাৱাৰ প্লেত তেওঁ লাভ কৰে ১৬ টাকৈ উইকেট। এই সময়ছোৱাত তেওঁ তিনিটাকৈ মেইডেন অভাৰো দিবলৈ সক্ষম হয়।

পাৰ্পল কেপ : সৰ্বাধিক উইকেটেৰে এই বৰ্ষৰ পাৰ্পল কেপ লাভ কৰে দিল্লী কেপিটেলছৰ কাগিছ’ ৰাবাডাই। ১৭ খন মেচত তেওঁ লাভ কৰে ৩০ টাকৈ উইকেট।

অৰেঞ্জ কেপ: ২০২০ বৰ্ষৰ অৰেঞ্জ কেপৰ খিতাপ লাভ কৰে কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলে। প্ৰতিযোগিতাখনৰ ১৪ খন মেচত তেওঁ ৬৭০ ৰান সংগ্ৰহ কৰে।

আটাইতকৈ মূল্যবান খেলুৱৈ: আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ আটাইতকৈ মূল্যবান খেলুৱৈৰ সন্মান লাভ কৰে র্ৰাজস্থান ৰয়েলছৰ জ’ফ্ৰা আর্চাৰে । দলৰ প্ৰয়োজনত উজলি উঠি এইগৰাকী ক্ৰিকেটাৰে নিজৰ দক্ষতা আৰু প্ৰতিভাৰ উমান দিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments