অলিম্পিয়া প্ৰতিবেদন
আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ আৰম্ভ হোৱা এসপ্তাহ হ’লহি। এই এসপ্তাহতে ইতিমধ্যে বহু অভিলেখৰ ভঙা গঢ়া দেখিবলৈ পোৱা গ’ল। কোনো ভাৰতীয় ক্ৰিকেটাৰৰ সৰ্বাধিক ব্যক্তিগত ৰানৰ অভিলেখ গঢ়িলে কে এল ৰাহুলে। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিপক্ষে কৰা ১৩৮ ৰানৰ ইনিংছটো আছিল আই পি এলত ভাৰতীয় খেলুৱৈৰ সৰ্বাধিক ৰান। দুটাকৈ চূড়ান্ত অভাৰত সৰ্বোচ্চ ৰানৰ অভিলেখৰ পৰা আৰম্ভ কৰি ছুপাৰ অভাৰ, দুটাকৈ ইনিংছত দুশৰো অধিক ৰান আদি এই এটা সপ্তাহতে দেখা পালে ক্ৰিকেট অনুৰাগীয়ে।
ইয়াৰ লগতে এতিয়ালৈ বেটে বলে উজ্বলিছে বহুকেইজন ক্ৰিকেটাৰ। সৰ্বাধিক ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ তালিকাত শীৰ্ষ স্থানত আছে চেন্নাই ছুপাৰ কিংছৰ ফাফ দুপ্লেছি। তেওঁ এই পৰ্যন্ত সংগ্ৰহ কৰিছে ১৭৩ৰান। ইফালে বলিঙত দিল্লী কেপিটেলছৰ কাগিছ’ ৰাবাডাই পাঁচটা উইকেট লৈ পাৰপল কেপ নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে।
অৰেঞ্জ কেপৰ তালিকা:
- ১) ফাফ দুপ্লেছি- ১৭৩
- ২) কে এল ৰাহুল-( কিংছ ইলেভেন পঞ্জাৱ) ১৫৩
- ৩) মায়ংক আগৰৱাল (কিংছ ইলেভেন পঞ্জাৱ) -১১৫
- ৪)ৰোহিত শৰ্মা ( মুম্বাই ইণ্ডিয়ানছ)- ৯২
- ৫)এবি ডিভিলিয়াৰ্ছ( ৰয়েল বেংগালুৰু চেলেঞ্জাৰ্ছ) -৭৯
পাৰপল কেপৰ তালিকা:
- ১) কাগিছ’ ৰাবাডা (দিল্লী কেপিটেলছ)-৫
- ২) ছেম কুৰান(চেন্নাই ছুপাৰ কিংছ)-৫
- ৩)মহম্মদ ছামি( কিংছ ইলেভেন পঞ্জাৱ)-৪
- ৪) শ্বেলডন কট্ৰেল( কিংছ ইলেভেন পঞ্জাৱ)-৪
- ৫) যুজঁবেন্দ্ৰ চাহাল( ৰয়েল বেংগালুৰু চেলেঞ্জাৰ্ছ)-৪