Monday, July 4, 2022
HomeNewsআই পি এলৰ ফাইনেলত প্ৰৱেশৰ যুজঁ: কিছু সময়ৰ পিছতেই মুম্বাই ইণ্ডিয়ানছৰে মুখামুখি...

আই পি এলৰ ফাইনেলত প্ৰৱেশৰ যুজঁ: কিছু সময়ৰ পিছতেই মুম্বাই ইণ্ডিয়ানছৰে মুখামুখি হ’ব দিল্লী কেপিটেলছ

অলিম্পিয়া প্ৰতিবেদন

✍️ মৃণাল কুমাৰ নাথ

আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ ফাইনেলত স্থান লাভৰ বাবে প্ৰথমখন কোৱালিফায়াৰত আজি যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ সন্মুখীন হ’ব ।ডুবাই ইন্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা খেলখনত এইবাৰ পইন্ট তালিকাৰ শীৰ্ষস্থানত থকা মুম্বাই ইণ্ডিয়ানছে অৱধাৰিতভাৱে হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হ’ব। অৱশ্যে পইন্ট তালিকাৰ দ্বিতীয় স্থানত থকা শ্ৰেয়ছ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছক সাধাৰণভাৱে ল’লে শ’লঠেকত পৰিব পাৰে মুম্বাই ইণ্ডিয়ানছ।

ফাইনেল খেলাৰ পথত মুম্বাই ইণ্ডিয়ানছে আৰম্ভণিৰ পৰাই দমনীয় প্ৰদৰ্শন আগবঢ়াই আহিছে। বিশেষকৈ দলটোৰ অপেনাৰ কুইন্টন ডিক’ক আছে দুৰ্দান্ত ফৰ্মত। অৱশ্যে অধিনায়ক তথা আনগৰাকী অপেনাৰ ৰোহিত
শৰ্মাই আঘাতৰ পিছত প্ৰত্যাৱৰ্তন কৰিছে যদিও লীগৰ অন্তিমখন খেলত সাৱলীল ৰূপত দেখা পোৱা ন’গল ক্ৰিকেটাৰজনক। মুম্বাই ইণ্ডিয়ানছৰ মিডল অৰ্ডাৰ যথেষ্ট শক্তিশালী, বিশেষকৈ সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষানে বহুকেইখন খেলত দলটোক পৰাজয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে ফিনিছাৰৰ ৰূপত হাৰ্ডিক পাণ্ডিয়া আৰু কাইৰণ প’লাৰ্ড যিকোনো সময়তে বলাৰৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিব পাৰে। বলিঙতো দলটো যথেষ্ট শক্তিশালী। যশপ্ৰীত বুমৰাহ, ট্ৰেন্ট ব’ল্ট, জেমছ পেটিনছন আৰু ৰাহুল চহৰেৰে সমৃদ্ধ বলিং বিভাগে যিকোনো দলৰে বেটিংক্ৰম টছনছ কৰিবলৈ সক্ষম।

ইফালে শ্ৰেয়াচ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছে চিজনৰ আৰম্ভণিতে প্ৰায় অপ্ৰতিৰোধ্য হৈ উঠিছিল যদিও শেষৰ ফালে একেলেঠাৰিয়ে বহুকেইখন খেলত পৰাজিত হৈ লীগৰ পৰা বাহিৰ হোৱাৰ শংকাত ভুগিছিল। অৱশ্যে অন্তিম খেলত জয়ী হৈ পইন্ট তালিকাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় দলটো। দিল্লী কেপিটেলছৰ মূল ভৰষা হৈছে বেটিং। অপেনিঙত সুন্দৰ ফৰ্মত আছে আজিংক্যা ৰাহানে আৰু চলিত চিজনত দুটাকৈ শতক অৰ্জন কৰা শিখৰ ধাৱান। ইফালে শ্ৰেয়াচ আয়াৰ, ঋষভ পন্ট আৰু অলৰাউণ্ডাৰ মাৰ্কাচ ষ্টইনিচেৰে দলটোৰ সমৃদ্ধ মধ্যমক্ৰমো যথেষ্ট শক্তিশালী। বলিঙত দিল্লী কেপিটেলছৰ মূল ভৰষা হ’ব ৰাবাডা, নৰ্কে আৰু ৰবিশ্বন্দ্ৰন অশ্বিন।

আজিৰ খেলখনত পৰাজিত দলটোৱে আন এখন কোৱালিফায়াৰ খেলিবলৈ সুযোগ পাব যদিও দুয়োটা দলৰ প্ৰধান লক্ষ্য হ’ব আজিৰ বিজয়েৰে ফাইনেলত স্থান নিশ্চিত কৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments