Monday, October 3, 2022
HomeNewsকৰ'নাতংক:স্থগিত হ'ল আই পি এল

কৰ’নাতংক:স্থগিত হ’ল আই পি এল

চীনৰ পৰা সংক্ৰমণ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে প্ৰসাৰিত হৈ মহামখৰীৰ ৰূপ ধাৰণ কৰিছে। এখনৰ পিছত আন এখন দেশ, চহৰ এই ভাইৰাছৰ আতংকত কম্পিত হৈ উঠিছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন দেশ তথা চহৰত বাতিল কৰা হৈছে জনসমাগম‌। সাময়িকভাৱে বাতিল কৰা হৈছে ভিছা।

শেহতীয়াকৈ ভাৰততো এই ভাইৰাছ বিয়পি পৰাত চিন্তিত হৈ ভাৰত চৰকাৰে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভাৰতীয় বিদেশ মন্ত্ৰালয়ে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু অধিক নহ’বলৈ সকলো দেশৰে ভিছা সাময়িকভাৱে বাতিল কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা কোনো বিদেশী নাগৰিক ভাৰতত প্ৰবেশ কৰিব নোৱাৰিব। এই প্ৰতিবন্ধকতা ১৫ এপ্ৰিল পৰ্যন্ত থাকিব। আনহাতে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে এক নিৰ্দেশনা যোগে সকলোধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাস্থলীত জনসমাগম‌ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বন্ধ ষ্টেডিয়ামত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।

ভাৰত চৰকাৰৰ এনেবোৰ সিদ্ধান্তৰ বাবেই এতিয়া ভাৰতৰ ক্ৰীড়া জগতত ধুমুহাৰ সৃষ্টি হৈছে। কাৰণ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি মাৰ্চ এপ্ৰিল মাহত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল আই পি এল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্চৰ্যশালী ক্ৰিকেট প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল মাৰ্চ মাহৰ শেষৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। এইবাৰৰ আই পি এলত বিদেশৰ প্ৰায় ৬০ গৰাকী তাৰকা ক্ৰিকেটাৰে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ শেহতীয়া সিদ্ধান্ত অনুসৰি বিপদত পৰিছে এইসকল বিদেশী ক্ৰিকেটাৰ। বিদেশী নাগৰিকৰ ভিছা বাতিল কৰাৰ বাবে এইসকল ক্ৰিকেটাৰে এতিয়া ভাৰতত প্ৰবেশ কৰিব নোৱাৰিব। যাৰ বাবে আই পি এলত অংশগ্ৰহণ কৰিব নোৱাৰিব এইসকল বিদেশী ক্ৰিকেটাৰে।

আনহাতে ক’ৰোনা ভাইৰাছ যাতে কোনো কাৰণতে সংক্ৰমণ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন চহৰত জনসমাগম‌ বন্ধ কৰা হৈছে। মহাৰাষ্ট্ৰ, কৰ্ণাটক চৰকাৰে ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই আই পি এল মেচ অনুষ্ঠিত নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও দিল্লীকে ধৰি আন আন ৰাজ্য তথা প্ৰধান চহৰসমূহতো জনসমাগম‌ত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে বন্ধ ষ্টেডিয়ামত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। গতিকে স্বাভাৱিকতে এনে এক পৰিস্থিতিত বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড।

ব’ৰ্ডৰ এই ঐশ্চৰ্যশালী প্ৰতিযোগিতাখন এনে এক পৰিস্থিতিত অনুষ্ঠিত কৰা নকৰাক লৈ দুমোজাত পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড।

উল্লেখ্য যে আই পি এলৰ দৰে ঐশ্চৰ্যশালী প্ৰতিযোগিতাৰ পৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰচুৰ পৰিমাণে ৰাজহ সংগ্ৰহ কৰে। এই প্ৰতিযোগিতাখন অনুষ্ঠিত নকৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰচুৰ পৰিমাণৰ ৰাজহ হেৰুৱাটো নিশ্চিত। গতিকে দৰ্শক অবিহনেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ব’ৰ্ড আগ্ৰহী আছিল যদিও বিদেশী ক্ৰিকেটাৰৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰাৰ বাবে আকৌ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ মাজলৈ গৈছে। আনহাতে প্ৰতিযোগিতাখন স্থগিত ৰাখিবলৈও ব’ৰ্ড অসমৰ্থ। কিয়নো সকলো ক্ৰিকেটাৰৰে আছে পূৰ্ব নিৰ্ধাৰিত সূচী। এনে এক পৰিস্থিতিত আই পি এল স্থগিত ৰখা আৰু বাতিল কৰা একেই হৈ পৰে।

আই পি এলক লৈ সৃষ্টি হোৱা এনে এক জটিল পৰিস্থিতিৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে আহ্বান কৰিছে এক গুৰুত্বপূৰ্ণ সভা। এই সভাতেই আই পি এলক লৈ লোৱা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শনিবাৰে স্পষ্ট হ’ব চলিত বছৰৰ আই পি এল অনুষ্ঠিত হ’ব নে বাতিল হ’ব।শেহতীয়া খবৰ অনুসৰি আই পি এল ১৫ এপ্ৰিললৈকে পিছুৱাই দিয়া হৈছে। দৰ্শক শূণ্যভাৱে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাব পৰা নাযাব বুলি ধাৰণা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments