Monday, July 4, 2022
HomeNews২০২১ৰ আই পি এললৈ বেছি দিন নাই; ভাৰততে অনুষ্ঠিত হ'ব চতুৰ্দশ সংস্কৰণৰ...

২০২১ৰ আই পি এললৈ বেছি দিন নাই; ভাৰততে অনুষ্ঠিত হ’ব চতুৰ্দশ সংস্কৰণৰ আই পি এল

অলিম্পিয়া প্ৰতিবেদন

ক্ৰিকেট প্ৰেমীসকলৰ বাবে সুখবৰ। চতুৰ্দশ সংস্কৰণৰ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব ভাৰতত। বি চি চি আইৰ এটা বিশেষ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এই বৰ্ষৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই অনুষ্ঠিত হ’ব জনপ্ৰিয় ক্ৰিকেট টুৰ্ণামেণ্টখন।

সূত্ৰটোত প্ৰকাশ পোৱা অনুসৰি আই পি এল-১৪ৰ মেচসমূহ ৱাংখেৰে ষ্টেডিয়াম, ব্ৰাব’ৰ্ণ ষ্টেডিয়াম, ডি ৱাই পাটিল ষ্টেডিয়াম, ৰিলায়েন্স ক্ৰিকেট ষ্টেডিয়াম, মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।তাৰোপৰি, নকৱাউট পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব মতেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত। ‘Sportskeeda’ নামৰ সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশ পাইছে এই বাতৰি।

উল্লেখযোগ্য যে, এইবাৰ আই পি এলত পূৰ্বৰ দৰে খেলুৱৈৰ নিলাম নহয়। তাৰ বিপৰীতে চতুৰ্দশ সংস্কৰণৰ আই পি এলৰ বাবে অনুষ্ঠিত কৰা হব মেগা নিলামহে। য’ত এক সীমিত সংখ্যক ক্ৰিকেটাৰক নিৰ্বাচিত কৰা হব প্ৰতিযোগিতাখনৰ বাবে।

অৱশ্যে, ষ্টেডিয়ামত দৰ্শক থাকিব নে নাই সেই সম্পৰ্কে এতিয়ালৈ কোনো সিদ্ধান্তত উপনীত হোৱা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments