Thursday, July 7, 2022
HomeNewsভাৰতত নহয়, বাকী থকা আই পি এল মেচসমূহ অনুষ্ঠিত হ'ব এইসমূহ দেশত

ভাৰতত নহয়, বাকী থকা আই পি এল মেচসমূহ অনুষ্ঠিত হ’ব এইসমূহ দেশত

অলিম্পিয়া প্রতিবেদন

দেশত কৰোনাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে আধাতে বন্ধ হৈ পৰিল আই পি এল। জৈৱ সুৰক্ষাৰ মাজত চলি থকা প্ৰতিযোগিতাখনৰ মাজভাগতে কেইবাজনো খেলুৱৈ কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই বি চি চি আইয়ে সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয় এই বৰ্ষৰ আই পি এল।

ইতিমধ্যে, বিভিন্ন দেশৰ খেলুৱৈসকল স্বদেশলৈ বুলি উভতিছে। বাকী থকা খেলুৱৈসকলো হয়তো দুই এদিনতে ৰাওনা হব নিজ দেশ অভিমুখে। বি চি চি আইয়ে খেলুৱৈসকলক নিজ দেশলৈ উভতাৰ বাবে পাৰ্যমানে সহায় আগবঢ়াইছে।

সাময়িকভাৱে স্থগিত হৈ পৰা প্ৰতিযোগিতাখন পুনৰ অনুষ্ঠিত হব নে নহয় সেই সম্পৰ্কে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই যদিও আই পি এলৰ বাকী থকা মেচসমূহ কোভিড পৰিস্থিতি সাম কাটিলে এই বছৰতে অনুষ্ঠিত হব বুলি বি চি চি আইৰ এক শীৰ্ষ সূত্ৰই দাবী কৰিছে। বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু উপ সভাপতি ৰাজীৱ শুক্লায়ো এই কথাৰ নিশ্চিতি প্ৰদান কৰিছে।

কিন্তু বাকী থকা মেচসমূহ পুনৰ ক’ত অনুষ্ঠিত হ’ব সেই সম্পৰ্কে এতিয়াও নিশ্চিত হব পৰা নাই বি চি চি আই। ভাৰতত কোভিড পৰিস্থিতি সাম কাটিলেও আই পি এল পুনৰ ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুব কম।

এইবাৰ প্ৰতিযোগিতাখন সম্ভৱত অষ্ট্ৰেলিয়া, ইংলেণ্ড অন্যথা ইউনাইটেড আৰব এমিৰাটছত হোৱাৰেই সম্ভাৱনা প্ৰবল। বৰ্তমান পৰিস্থিতিত ভাৰত ত্যাগ কৰা বিদেশী খেলুৱৈসকল পুনৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা খুবেই কম। তেনেস্থলত প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত কৰাটো কঠিন হ’ব বি চি চি আইৰ বাবে। ভাৰতত অনুষ্ঠিত ন’হলে আই পি এলৰ পৰৱৰ্তী মেচসমূহ ইংলেণ্ড, অষ্ট্ৰেলিয়া অথবা ইউনাইটেড আৰব এমিৰেটছত খেলোৱা হ’ব পাৰে। এই সম্ভাৱনা ব্যক্ত কৰিছে বি চি চি আইৰ এক শীৰ্ষ সূত্ৰই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments