অলিম্পিয়াৰ প্ৰতিবেদন
বিগত দিন কেইটাত ভাৰতীয় ক্ৰিকেট অধিনায়ক কেন্দ্ৰীক বিতৰ্কৰ মাজত সোমাই আছে। তাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰলৈ অহা এক বিশেষ অফাৰে এতিয়া চৰ্চা লাভ কৰিছে। কাৰণ এইগৰাকী বিশেষ ক্ৰিকেটাৰক ২০ কোটি টকাৰ বিনিময়ত অধিনায়ক পদ গ্ৰহণ কৰিবলৈ অফাৰ দিয়া হৈছে।
সমাগত আই পি এল ২০২২ ৰ মেগা নিলাম প্ৰক্ৰিয়া। ইতিমধ্যে আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে ৰিটেইন কৰিলে নিজৰ পচন্দৰ খেলুৱৈ। মেগা নিলামত ক্ৰয় কৰিব আন আন খেলুৱৈ। আই পি এলৰ পূৰ্বৰ ৮ টা ফ্ৰেঞ্চাইজিৰ উপৰিও এইবাৰ মেগা নিলামত অংশগ্ৰহণ কৰিব আন দুটা নতুন ফ্ৰেঞ্চাইজিয়ে। দুয়োটা নতুন ফ্ৰেঞ্চাইজিয়েই আছে একো একোজন সুদক্ষ অধিনায়কৰ সন্ধানত। ইতিমধ্যে দুয়োটা ফ্ৰেঞ্চাইজিয়ে নিজৰ পচন্দৰ ক্ৰিকেটাৰৰ লগত কথাও পাতিছে।
চৰ্চা অনুসৰি আই পি এলৰ নতুন ফ্ৰেঞ্চাইজিয়ে লক্ষ্ণৌৱে পঞ্জাৱ কিংছৰ পূৰ্বৰ অধিনায়ক কে এল ৰাহুলক দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰিবলৈ আগ্ৰহী ৎ দলটোৰ মেনেজমেণ্টৰ প্ৰথম পচন্দৰ অধিনায়ক ৰাহুল। সেয়েহে প্ৰাৰম্ভিক পৰ্যায়ত মেনেজমেণ্টে ৰাহুলক ২০ কোটি টকাৰ অফাৰ দিছে। দলটোৱে বিচাৰিছে ৰাহুল লক্ষ্ণৌ ফ্ৰেঞ্চাইজিলৈ আহক আৰু অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰক।
আনহাতে আফগানিস্তানৰ তাৰকা অলৰাউণ্ডাৰ ৰছিদ খানকো লক্ষ্ণৌৱে নিজৰ দলত চামিল কৰিব ইচ্ছা প্ৰকাশ কৰিছে। মেনেজমেণ্টে ৰছিদক বিনিময়ত ১৬ কোটিপৰ্যন্ত টকা দিবলৈও প্ৰস্তুত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰছিদক হায়দৰাবাদে ৯ কোটি টকা প্ৰদান কৰিছিল। আনহাতে ৰাহুলক ২০১৮ বৰ্ষত পঞ্জাৱ দলে ১১ কোটি টকাৰে ক্ৰয় কৰিছিল।
লক্ষ্ণৌৱে নিজৰ দলটো শক্তিশালী কৰি গঢ়ি তুলিবলৈ এতিয়াৰে পৰাই প্ৰস্তুতি চলাইছে। সেয়েহে উইকেট কীপাৰ বেটছমেন তথা মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলৰ খেল পথাৰত নিজৰ বেটিং পৰাক্ৰমেৰে ধুমুহা আনিবলৈ সক্ষম হোৱা ঈশান কিষাণ আৰু আৰ চি বিৰ অতিকৈ গুৰুত্বপূৰ্ণ স্পীনাৰ তথা দলটোৰ অন্যতম বৃহৎ শক্তি হিচাপে বিবেচিত স্পীনাৰ য়ুজবেন্দ্ৰ চাহালকো লক্ষ্ণৌৱে নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত।
ইফালে আই পি এলৰ আন এক নতুন ফ্ৰেঞ্চাইজি আহমেদাবাদেও নিজৰ দল গঠনৰ বাবে খেলুৱৈৰ সন্ধানত আছে। দলটোক কিদৰে আৰু কোন খেলুৱৈৰে শক্তিশালী কৰিব পাৰি সেই বিষয়ত গুৰুত্ব প্ৰদান কৰি প্ৰস্তুতি চলাইছে। আহমেদাবাদে দিল্লী কেপিটেলছৰ পূৰ্বৰ অধিনায়ক শ্ৰেয়াষ আয়াৰ, হায়দৰাবাদৰ পূৰ্বৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ, মুম্বাই ইণ্ডিয়ানছৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক নিজ দলত অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
অধিনায়ক হিচাপে দায়িত্ব পালন কৰি নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰা শ্ৰেয়াষ আয়াৰক আহমেদাবাদে অধিনায়ক হিচাপে বিচাৰিছে। ২০২০ আই পি এলত আয়াৰৰ নেতৃত্বতে দিল্লী ফাইনেলত অৱতীৰ্ণ হৈছিল।