Saturday, May 21, 2022
HomeNews২৬ মাৰ্চৰ পৰা আই পি এলৰ মহাৰণ

২৬ মাৰ্চৰ পৰা আই পি এলৰ মহাৰণ

অলিম্পিয়া প্ৰতিবেদন

বিশ্ব ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল । পদূলিমুখত এই ছিজনৰ আই পি এল । ঘোষণা হ’ল আই পি এলৰ সূচী ।

সমাপ্ত হ’ল ২০২২ বৰ্ষৰ আই পি এলৰ নিলাম প্ৰক্ৰিয়া । তাৰকা ক্ৰিকেটাৰৰ ক্ৰয়ৰ নামত কেইবা কোটি টকা ব্যয় কৰিলে ১০ টা ফ্ৰেন্সাইজীয়ে । ন-পুৰণি খেলুৱৈৰ সমাহাৰেৰে জীপাল হ’ব এইবাৰৰ অৰ্থবহুল ক্ৰিকেট টুৰ্ণামেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল । কেইবাগৰাকীও উদীয়মান ক্ৰিকেটাৰেও বিভিন্ন দলত লাভ কৰিছে স্থান । নতুনকৈ দুটা দল আই পি এলত সংযুক্ত হোৱাৰ পাছত অধিক আকৰ্ষণীয় হৈ পৰিব আই পি এলৰ মহাৰণ । উৎকন্ঠাৰ অন্ত পেলাই আই পি এলৰ তাৰিখ আৰু স্থান ঘোষণা কৰা হৈছে । অহা ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই মহাৰণৰ । এই কথা সংবাদ মাধ্যমৰ আগত জনালে অৰ্থবহুল টুৰ্ণামেন্ট খনৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে । কেৱল মহাৰাষ্ট্ৰতে অনুষ্ঠিত হ’ব মুঠ ৭০ খন মেচ । ইয়াৰে ৫৫ খন মেচ মুম্বাইত আৰু ১৫ খন মেচ অনুষ্ঠিত হ’ব পুনেত । অতিশীঘ্ৰে জাৰি হ’ব এই ছিজনৰ সম্পূৰ্ণ সময় সূচী ।

এইবাৰৰ আই পি এলত ক্ৰীড়া প্ৰদৰ্শনৰ বাবে সাজু হৈছে দুই নতুন দল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰজায়েন্ট সহ মুঠ ১০টা দলৰ তাৰকা ক্ৰিকেটাৰ । মেচ
প্ৰত্যক্ষ কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে । মাজত মাথোন কেইটামান দিন । বেট – বলৰ মহাৰণত বুৰ যাব ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments