Monday, October 3, 2022
HomeNewsআই পি এলত নতুন নিয়ম জাৰি বি চি চি আইৰ

আই পি এলত নতুন নিয়ম জাৰি বি চি চি আইৰ

অলিম্পিয়া প্ৰতিবেদন

মাত্ৰ কেইদিনমান পাছতেই আৰম্ভ হ’ব লগা আই পি এলৰ বাবে বি চি চি আইয়ে কেতবোৰ নতুন নিয়ম ঘোষণা কৰিছে । সেই অনুসৰি অৰ্থবহুল ক্ৰিকেট টুৰ্ণামেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলত অংশ ল’বলগীয়া ১০ টা দলেই অহা ৮ মাৰ্চত মুম্বাইত উপস্থিত হ’ব লাগিব । ইয়াৰ লগতে বৰ্ডে জনাইছে যে ৮ মাৰ্চৰ পৰা ভাৰতীয় খেলুৱৈসকলে ৩ দিন আৰু বিদেশী খেলুৱৈসকলে ৫ দিন কোৱাৰেণটিনত থাকিব লাগিব । ইয়াৰ পাছত ১৪–১৫ মাৰ্চৰ পৰা সকলো দলে অনুশীলনত নামিব পাৰিব ।
অহা ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ৭০ খন মেচৰ ভিতৰত ৫৫ খন মুম্বাইৰ তিনিটা ভ্যেনু আৰু ১৫ খন পুনেৰ এম চি এ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ প্ৰথমখন মেচ খেলিব চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছে । তদুপৰি বি চি চি আইয়ে খেলৰ ক্ষেত্ৰতো আনিছে নতুন নিয়ম । সেই অনুসৰি প্ৰত্যেক দলে এটা ইনিংছ শেষ কৰিব লাগিব ৯০ মিনিটত । লগতে প্ৰতিটো উইকেট পতনৰ পিছত বিৰতি পাব ২ মিনিটকৈ । যদি কোনো দলৰ অধিনায়কে সেই নিয়ম পালন কৰিব নোৱাৰে তেন্তে জৰিমনাৰ সন্মুখীন হ’ব লাগিব আৰু এই অপৰাধ তিনি বাৰ পুনৰাবৃত্তি হ’লে দলৰ অধিনায়কগৰাকী এখন মেচৰ পৰা বহিষ্কাৰ পৰ্যন্ত হ’ব পাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments