Friday, September 30, 2022
HomeNewsআই পি এলত সৰ্বাধিক ছয় কোবাইছে কোনে? শীৰ্ষত কোন ভাৰতীয় মহাতাৰকা

আই পি এলত সৰ্বাধিক ছয় কোবাইছে কোনে? শীৰ্ষত কোন ভাৰতীয় মহাতাৰকা

অলিম্পিয়া প্ৰতিবেদন

আই পি এল বুলি ক’লেই ক্ৰিকেটপ্ৰেমীৰ মাজত এক বুজাব নোৱাৰা আনন্দ । প্ৰিয় ক্ৰিকেটাজনৰ বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰী প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰি থাকে অনুৰাগী । চলিত মাহৰ ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই ছিজনৰ ক্ৰিকেটৰ অন্যতম সৰ্ববৃহৎ মহাৰণ আই পি এল । ইয়াৰ বাবে উৎকন্ঠিত বিশ্বৰ কোটি কোটি অনুৰাগী । বিগত ছিজন সমূহত আই পি এলত কোনে কোবাইছে সৰ্বাধিক ছয়, সেই সন্দৰ্ভত অলিম্পিয়া স্পৰ্টছৰ এক বিশেষ প্ৰতিবেদন ।

আই পি এলত সৰ্বাধিক ছয় কোবোৱাৰ তালিকাৰ শীৰ্ষত আছে ক্ৰিছ গেইল । ১৪২ খন মেচৰ ১৪১ টা ইনিংছত সৰ্বাধিক ৩৫৭ টা ছয়েৰে এই অভিলেখ সৃষ্টি কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকাজনে । কিন্তু গেইলপ্ৰেমীৰ বাবে দুঃখবৰ । এইবাৰৰ আই পি এলত দেখা নাপাব এইগৰাকী মহাতাৰকাক ।

আনহাতে, ১৮৪ খন মেচৰ ১৭০ টা ইনিংছত সৰ্বাধিক ২৫২ টা ছয়েৰে তালিকাৰ দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছ । ইয়াৰ পাছতে তালিকাত অৱস্থান কৰিছে ভাৰতীয় দলৰ অধিনায়ক তথা হিটমেন ৰোহিত শৰ্মা । ২১৩ খন মেচৰ ২০৮ টা ইনিংছত সৰ্বাধিক ২২৭ টা ছয়েৰে তালিকাৰ তৃতীয় স্থানত জনপ্ৰিয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা ।
ইয়াৰ পাছতে তালিকাত অন্তৰ্ভুক্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তথা সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী । যাৰ বেটিং আৰু বুদ্ধিমত্তা সমানে প্ৰকাশ পাইছিল ৰণভূমিত । ২২০ খন মেচৰ ১৯৩ টা ইনিংছত সৰ্বাধিক ২১৯ টা ছয়েৰে তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজন । তাৰ বিপৰীতে, ১৭৮ খন মেচৰ ২৬০ টা ইনিংছত সৰ্বাধিক ২১৪ টা ছয়েৰে তালিকাৰ পঞ্চম স্থানত আছে ৱেষ্ট ইণ্ডিজৰ কিৰণ প’লাৰ্ড । সেইদৰে, ২০৭ খন মেচৰ ১৯৯ টা ইনিংছত ২১০ টা ছয়েৰে বিৰাট কোহলিয়ে ষষ্ঠ আৰু ২০৫ খন মেচৰ ২০০ টা ইনিংছত ২০৩ টা ছয়েৰে সপ্তম স্থান দখল কৰিছে চেন্নাই ছুপাৰ কিংছৰ একালৰ তাৰকা সুৰেশ ৰাইনাই । পিছে এইবাৰ আই পি এলত ক্ৰিকেটাৰৰ ৰূপত দেখা নাপাব ৰাইনাকো ।

উল্লেখযোগ্য যে, এইকেইজন তাৰকা ক্ৰিকেটাৰৰ মাজৰ পৰা দুই- এজন এই ছিজনত নাথাকিলেও বাকী তাৰকাসকলক দেখা যাব আই পি এলৰ মহাৰণত । সকলোৰে আশা–বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰীৰে জীপাল হওক আই পি এলৰ ৰণভূমি। ২৬ মাৰ্চৰ পৰা ক্ৰিকেটত মোহাচ্ছন্ন হ’ব ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments