অলিম্পিয়া প্ৰতিবেদন
আই পি এল মহাৰণ আৰম্ভ হ’ব ২৬ মাৰ্চৰ পৰা । ক্ৰিকেট অনুৰাগীৰ মাজত বুজাব নোৱাৰা উৎকন্ঠা । নিজৰ প্ৰিয় দলটোৰ খেল উপভোগ কৰিবলৈ সকলো অধিৰ আগ্ৰহী । এনে সময়তে বি চি চি আই য়ে অনুৰাগীলৈ জনালে এই শুভ বাৰ্তা । দুবছৰ ধৰি আই পি এলত কভিড পৰিস্থিতিৰ বাবে দৰ্শক অবিহনে অনুষ্ঠিত কৰা হৈছিল খেল । কিন্তু এইবাৰ কভিড মহামাৰীৰ প্ৰকোপ কিছু শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি ২৫ শতাংশ দৰ্শকক ষ্টেডিয়ামত উপভোগ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । ইতিমধ্যে ২৬ মাৰ্চত মুম্বাই ৱাংখাড়ে ষ্টেডিয়ামত আৰম্ভ হ’ব লগা চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথম খন মেচৰ বাবে যোৱা ২৩ মাৰ্চৰ পৰা ক্ৰিকেট বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে বি চি চি আইয়ে । এই আকৰ্ষণীয় মেচখনৰ বাবে টিকেটৰ হাৰ ধাৰ্য কৰা হৈছে ক্ৰমে ২৫০০, ৩০০০, ৩৫০০, ৪০০০ টকা । বি চি চি আইৰ এই ঘোষণাই আই পি এল অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । আই পি এলত আকৌ দৰ্শকৰ উল্লাসত উন্মনা হ’ব ষ্টেডিয়াম চৌহদ ।