অলিম্পিয়া প্ৰতিবেদন
১৫ সংখ্যক আই পি এলত অসমবাসীৰ চকু থাকিব ৰিয়ান পৰাগৰ ওপৰত । মহাৰাষ্ট্ৰৰ চাৰিখন ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই পেছাদাৰী টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২৯ মাৰ্চ মঙ্গলবাৰে ৰাজস্থান ৰয়েলছৰ প্ৰথম মেচ । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে হ’ব লগা মেচখনত ৰাজস্থান
একাদশত দেখিবলৈ পোৱা যাব অসম সন্তানক । ইতিমধ্যে প্ৰস্তুতি মেচত এটা অৰ্ধশতক সহ সুন্দৰ বেটিং প্ৰদৰ্শন দাঙি ধৰিছে অসম সন্তান গৰাকীয়ে । আই পি এলৰ নিলামত ৩.৮ কোটি টকাৰে ৰিয়ান পৰাগক ক্ৰয় কৰিছে ৰাজস্থান দলে । দলৰ মেচৰ পূৰ্বে ৰিয়ানক শুভেচ্ছা জনালে ৰাজ্যখনৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে । বৰ্তমানৰ দৰং জিলাৰ আৰক্ষী অধীক্ষক তথা প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ সুশান্ত বিশ্ব শৰ্মাই ৰিয়ানলৈ প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ।
ইফালে পুত্ৰৰ সাফল্য কামনা কৰি ৰঞ্জি ক্ৰিকেটাৰ পৰাগ দাসে ।
প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ নাছিৰ গুল খানে ৰিয়ানৰ ওপৰত যথেষ্ট ভৰষা কৰে । ভৱিষ্যতে ৰিয়ানে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
একেদৰে মেচৰ পূৰ্বে ৰিয়ানক শুভেচ্ছা জনাইছে প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ তথা বি চি চি আইৰ পেনেল কিউৰেটৰ মুকুট কলিতাই ।
এইবাৰৰ আই পি এলত ৰিয়ানে পূৰ্বৰ দুৰ্বলতা অতিক্ৰম কৰি সুন্দৰ ফলাফল আগবঢ়াব বুলি আমিও আশা প্ৰকাশ কৰিছো । অলিম্পিয়া স্পৰ্টছৰ ফালৰ পৰা ৰিয়ান পৰাগলৈ থাকিল অজস্ৰ শুভকামনা ।