Wednesday, October 5, 2022
HomeNewsআই পি এলৰ প্ৰথম মেচত মুখথেকেচা চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ,ৰয়েল ছেলেঞ্জাৰ্ছ...

আই পি এলৰ প্ৰথম মেচত মুখথেকেচা চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ,ৰয়েল ছেলেঞ্জাৰ্ছ বেগাংলুৰু

অলিম্পিয়া প্ৰতিবেদন

আই পি এলৰ প্ৰথম মেচত বিফল তাৰকা খেলুৱৈৰ দল । মুখথেকেচা চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ কিম্বা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । হাই স্কৰ কৰিও জয়ৰ সোৱাদৰ পৰা বঞ্চিত বিৰাটৰ দল ।

শনিবাৰৰ পৰা মহাৰাষ্ট্ৰত আৰম্ভ হৈছে অৰ্থবহুল ক্ৰিকেটৰ মহাৰণ আই পি এল । নতুনকৈ সংযোগ হোৱা দুটা দলৰ সহিতে মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিছে এই ছিজনত । আকৰ্ষণীয় এই টুৰ্ণামেন্টৰ উদ্বোধনী মেচত অৱৰ্তীণ হ’ল চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ । অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ নেতৃত্বত দলটোৱে ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩১ ৰাণ। দুটা বছৰ বিৰতিৰ পাছত জনপ্ৰিয় ক্ৰিকেটাৰ তথা চি এছ কেৰ প্ৰাক্তন অধিনায়ক ধোনীয়ে দেখুৱালে পৰাক্ৰম । ৩৮ টা বলত জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকীয়ে কৰিলে অৰ্ধশতক । পিছে ধোনীৰ এই অৱদান বেছি কামত নাহিল। ১৮.৩ অভাৰতে ৪ উইকেটৰ বিনিময়ত কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্যত উপনীত হয় ।ফলত ৬ উইকেটত বিজয় সাব্যস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে । এক কথাত, ধোনীৰ নেতৃত্বত যোৱাবাৰৰ চেম্পিয়ন চি এছ কে প্ৰথম মেচতে খালে মুখথেকেচা ।
দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হয়। এখনত মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ । আনখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পাঞ্জাৱ কিংছ।
দেওবাৰৰ প্ৰথম মেচত মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৭৭ ৰাণ । মুম্বাই ইণ্ডিয়ানছৰ হৈ ঈশান কিষাণে ৮১ ৰাণৰ বৰঙণিৰে এক সুন্দৰ ইনিংছ খেলে। লগতে, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ৪১ ৰাণ কৰিও দলটোক জয়ী কৰাব নোৱাৰিলে । ইয়াৰ বিপৰীতে ললিত যাদৱ, অক্ষৰ পেটেল, পৃথিৱী শ্ব আদিৰ বেটিং পৰাক্ৰমত দিল্লীৰ আগত সেও মাৰিলে ৰোহিত বাহিনীয়ে। ১৭৯ ৰাণ সংগ্ৰহ কৰি ৪ উইকেটত জয়ী হল ঋষভ বাহিনী অৰ্থাৎ দিল্লী কেপিটেলছ । এক কথাত প্ৰথম মেচতে উজুতি খালে হিটমেনৰ দলে । সেইদৰে দেওবাৰৰ দ্বিতীয় মেচত অৱৰ্তীণ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পাঞ্জাৱ কিংছ । ২ উইকেটৰ বিনিময়ত আৰ চি বিয়ে সংগ্ৰহ কৰিলে ২০৫ ৰাণ । আৰ চি বিৰ হৈ নতুন অধিনায়ক ফাফ ডু প্লেছিছে ৮৮ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । পূৰ্বৰ অধিনায়ক হিচাপে বিৰাট কোহলিয়েও ৪১ ৰাণৰ বৰঙণিয়ে দলটোক অগ্ৰগতি প্ৰদান কৰে । ২০৫ ৰাণৰ হাই স্কৰিং মেচতো পুনৰ মুখথেকেচা খালে বিৰাটৰ দল । কাৰণ আৰ চি বিক অতিক্ৰম কৰিলে পঞ্জাৱ কিংছে । পঞ্জাৱৰ হৈ ভানুকাৰ ৪৩ , শিখৰ ধাবানৰ ৪৩ আৰু মায়ংক আগৰৱালৰ ৩২ ৰাণৰ সুন্দৰ ইনিংছ খেলে । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত পঞ্জাব কিংছে ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২০৮ ৰাণ । অৰ্থাৎ বিৰাট দলক পৰাস্ত কৰি ৫ উইকেটত জয়ী হ’ল পঞ্জাৱ কিংছ । ভাগ্য‌ই যেন লগ নিদিলে বিৰাট কোহলিক অথবা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ নতুন অধিনায়ক ফাফ ডু প্লেছিছক।

আই পি এলৰ প্ৰথম মেচত আশানুৰূপ ফল নাপালে বিৰাট কোহলি, ৰোহিত শৰ্মা অথবা মহেন্দ্ৰ সিং ধোনীৰ দলে ।
উল্লেখযোগ্য যে, সোমবাৰে, এই ছিজনৰ পৰা নতুনকৈ সংযুক্ত হোৱা গুজৰাট টাইটানছ অৱতীৰ্ণ হ’ব লক্ষৌ ছুপাৰ জায়েন্টৰ বিৰুদ্ধে ।

ইফালে মংগলবাৰে ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগ এই ছিজনৰ দলৰ নিজা প্ৰথম খন মেচত অৱৰ্তীণ হ’ব ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ।

শনিবাৰে বিচিচিআইয়ে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে লাভলিনাসহ টকিঅ’ অলিম্পিকত পদকজয়ী সকলো খেলুৱৈক আৰ্থিক পুৰস্কাৰৰ লগতে সম্বৰ্ধনা জনায় ।

এইদৰেই এতিয়া আই পি এলৰ জ্বৰত আক্ৰান্ত হৈছে ক্ৰিকেট বিশ্ব । ষ্টেডিয়ামত সীমিত সংখ্যক দৰ্শকৰ প্ৰৱেশত অনুমতি দিয়া হৈছে । ন-পুৰণি খেলুৱৈৰ বলিং ত্রাস, বেটিং তাণ্ডৱত উল্লাসিত ক্ৰিকেট প্ৰেমী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments