Monday, October 3, 2022
HomeNewsআই পি এলৰ মহাৰণত দুই নৱগঠিত দল: গুজৰাট টাইটানছ হাতত বিধ্বস্ত লক্ষ্ণৌ...

আই পি এলৰ মহাৰণত দুই নৱগঠিত দল: গুজৰাট টাইটানছ হাতত বিধ্বস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

অলিম্পিয়া প্ৰতিবেদন

আই পি এলৰ মহাৰণত দুই নৱগঠিত দল । সমুখ সমৰত লক্ষৌ ছুপাৰ জায়েন্টছ বনাম গুজৰাট টাইটানছ । পাণ্ডিয়া বাহিনীৰ হাতত পৰাভূত কে এল ৰাহুল বাহিনী ।

সোমবাৰে আই পি এল ইতিহাসত ৰচনা হ’ল এক নৱতম অধ্যায়ৰ । এই ছিজনত নতুনকৈ সংযুক্ত হোৱা গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ অৱতীৰ্ণ হ’ল তৃতীয় দিনাৰ মেচত । টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয় গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই । প্ৰথমে বেটিং কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৫৮ ৰাণ । লক্ষ্ণৌৰ হৈ দীপক হুদাই ৫৫ ৰাণ, আয়ুস বাদনিয়ে ৫৪ আৰু ক্ৰুণাল পাণ্ডিয়াই ২১ ৰাণৰ বৰঙণি আগবঢ়ায় । দুৰ্ভাগ্যজনকভাৱে, ১ টা বলত শূণ্য ৰাণতে আউট হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুল ।

পিছে, লক্ষ্ণৌৰ এই ৰাণৰ পাহাৰ ১৯ অভাৰ ৪ টা বলতে অতিক্ৰম কৰিলে গুজৰাট টাইটানছে । ৫ উইকেটৰ বিনিময়ত ১৬১ ৰাণ সংগ্ৰহেৰে জয়ৰ কৃতিত্ব অৰ্জন কৰিলে নতুন দল গুজৰাট টাইটানছে । গুজৰাটৰ হৈ ৰাহুল টেৱাতিয়াই ৪০, অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই ৩৩ , ডেভিদ মিলাৰে ৩০ ৰাণৰ সুন্দৰ ইনিংছ খেলে । উত্তেজনাপূৰ্ণ মেচখনত ৫ উইকেটত এই সাফল্য লাভ কৰিলে পাণ্ডিয়া বাহিনীয়ে ।


আঘাতৰ বাবে টেষ্ট মেচৰ পৰা আঁতৰি থকা হাৰ্ডিক পাণ্ডিয়া আই পি এলৰ প্ৰথম মেচত অধিনায়ক হিচাপে হ’ল সফল ।
ইফালে, মঙলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ অৱৰ্তীণ হ’ব ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে । ৰাজস্থানৰ হৈ দলত থাকিব অসম সন্তান ৰিয়ান পৰাগ ।

ক্ৰীড়া প্ৰেমীৰ আশা-নতুনকৈ সংযুক্ত হোৱা দল দুটাই ক্ৰিকেট বিশ্বৰ দিয়ক আমোদ। আই পি এলত তাৰকা ক্ৰিকেটাৰৰ বলিং ত্রাস আৰু বেটিং তাণ্ডৱ প্ৰত্যক্ষ কৰিবলৈ সদা প্ৰস্তুত অনুৰাগীসকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments