Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত হ'বলগীয়া আই পি এল মেচৰ টিকট মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা প্ৰদান...

গুৱাহাটীত হ’বলগীয়া আই পি এল মেচৰ টিকট মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা প্ৰদান কৰিব

২০২০ বৰ্ষৰ আই পি এলৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছ দলে তেওঁলোকৰ গৃহ চহৰ হিচাপে নিৰ্বাচিত কৰিছে। যোৱা ১৬ ফেব্ৰুৱাৰিত প্ৰকাশ পোৱা IPL-2020-ৰ প্ৰাথমিক খেলবোৰৰ সূচী অনুসৰি ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছে। কাৰণ জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছ দলৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল। আৱেদনখন দাখিল কৰিছে ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে । তেওঁলোকৰ মতে ৰাজস্থানৰ জয়পুৰৰ পৰা বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মান হানিকৰ” হ’ব। অৱশ্যে এই আইনী মেৰপেঁচৰ বাবেই গুৱাহাটীক নিশ্চিত স্থান হিচাপে সূচীত ঘোষণা কৰা নাই যদিও মেচ দুখন গুৱাহাটীতে অনুষ্ঠিত হ’ব বুলি অসম ক্ৰিকেট সন্থা আশাবাদী।

এনে এক দোমোজাৰ মাজতেই আকৌ গুৱাহাটীলৈ আহিছে আন এক ভাল খবৰ। কাৰণ প্ৰথম পৰ্যায়ৰ অনুশীলনৰ বাবে ২৬ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দল। দলটোৱে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২৭ ফেব্ৰুৱাৰিৰ প্ৰথম পৰ্যায়ৰ অনশীলন আৰম্ভ কৰিব।

ইতিমধ্যে আই পি এল ৰ চিফ অপাৰেটিং অফিচাৰ হেমাংগ আমিন, আই এম জি ৰিলায়েন্সৰ প্ৰতিনিধি আৰু টি-২০ লীগৰ পেৰেণ্ট ব’ডিয়ে  বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চিফ অপাৰেটিং অফিচাৰ হেমাংগ আমিন, আই এম জি ৰিলায়েন্সৰ প্ৰতিনিধি আৰু টি-২০ লীগৰ পেৰেণ্ট ব’ডিয়ে আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে। ইয়াৰ পিছতেত আই পি এলৰ চিফ অপাৰেটিং অফিচাৰ হেমাংগ আমিন, আই এম জি ৰিলায়েন্সৰ প্ৰতিনিধি, টি-২০ লীগৰ পেৰেণ্ট ব’ডি আৰু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অসম ক্ৰিকেট সন্থাই ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত কয় যে আইনীভাৱে যদি কোনো বাধা নাহে তেন্তে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ মেচ দুখনৰ বাবে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা টিকট প্ৰদান কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments