Wednesday, October 5, 2022
HomeNewsঅনিৰ্দিষ্ট কাললৈ স্থগিত আই পি এল

অনিৰ্দিষ্ট কাললৈ স্থগিত আই পি এল

olympiasports.in

বি চি চি আয়ে অৱশেষত চলিত বছৰৰ আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। মঙ্গলবাৰে আই পি এলৰ আঠটাকৈ ফ্ৰেঞ্চাইজিক বি চি চি আয়ে এই কথা জানিবলৈ দিয়ে বুলি সূত্ৰত প্ৰকাশ। মঙ্গলবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি তলাবন্ধ কাৰ্যসূচী ৩ মে পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে বি চি চি আয়ে এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়। অৱশ্যে বি চি চি আইৰ তৰফৰ পৰা এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা আহিবলৈ এতিয়াও বাকী। জানিবলৈ পৰা মতে বি চি চি আয়ে ইতিমধ্যে সকলো ফ্ৰেঞ্চাইজি, ষ্টেকহ’ল্ডাৰ আৰু সম্প্ৰচাৰকাৰী চেনেলৰ মূৰব্বীৰ সৈতে আলোচনাত মিলিত হৈ এই কথা জানিবলৈ দিছে যে প্ৰতিযোগিতাখন বাতিল কৰা হোৱা নাই যদিও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

এই সন্দৰ্ভত নিজৰ নাম প্ৰকাশৰ বাবে অনিচ্ছুক এটা ফ্ৰেঞ্চাইজিৰ এগৰাকী বিষয়াই পি টি আইৰ আগত কয়, ‍‘বৰ্তমান আই পি এল স্থগিত কৰা বুলি বি চি চি আইয়ে আমাক জনাই দিছে। কিন্তু আমি আশা কৰি আছো যে চলিত বছৰৰে শেষৰ ফালে কিবা এটা হ’ব’।

উল্লেখযোগ্য যে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে চৰকাৰৰ নিৰ্দেশনাৰ বাবেই অপেক্ষা কৰি আছিল। তলাবন্ধ ৩ মে লৈ বৃদ্ধি কৰাৰ বাবে বৰ্তমান আই পি এল অনুষ্ঠিত হোৱাৰ কোনো আশা নাই।

সৌৰভ গাংগুলীয়ে দেশে সন্মুখীন হোৱা এনে পৰিস্থিতিত খেল ডাঙৰ নহয় বুলি বাৰম্বাৰ উল্লেখ কৰি আহিছে।

ভাৰতত এই পৰ্যন্ত ১১,০০০ ৰো অধিক ৰোগী কৰ’নাত আক্ৰান্ত হৈছে। ৩৫০ জনকৈ আক্ৰান্ত মৃত্যু মুখত পৰিছে।

এই বৰ্ষৰ আই পি এল মাৰ্চৰ ২৯ ৰ পৰা ২৪ মে’লৈ হোৱা কথা আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments