অলিম্পিয়া বাৰ্তা
অৱশেষত বহু জল্পনা-কল্পনাৰ ওৰ পেলাই ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ অনুষ্ঠিত হোৱাটো খাটাং হৈ পৰিল। ভাৰতত অনুষ্ঠিত কৰিব পৰা ন’গলেও ২০২০ ৰ আই পি এল ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বৰ দৰেই জাক জমকতাৰে অনুষ্ঠিত হব আই পি এল। অৱশ্যে পূৰ্বৰ দৰে দৰ্শকৰ বিপুল হৰ্ষোল্লাসৰ মাজত মেচসমূহ অনুষ্ঠিত নোহোৱাৰে সম্ভাৱনা অধিক। দৰ্শকবিহীন ষ্টেডিয়ামতে খেলুৱৈয়ে তেওঁলোকৰ বিস্ফোৰক ইনিংছসমূহ সজায় তুলিব লাগিব।
আই পি এলৰ স্থান সুনিশ্চিত হোৱাৰ লগে লগে এতিয়া আই পি এলৰ সময়সূচীক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকুসতা দেখিবলৈ পোৱা গৈছে। আই পি এলৰ সময়সূচী প্ৰায় নিশ্চিত হৈ পৰিছে। আনুষ্ঠানিকভাৱে ঘোষিত ন’হলেও অৱশ্যে সংবাদ মাধ্যমৰ হাতত আহি পৰিছে আই পি এল ২০২০ ৰ সম্ভাব্য সময়সূচী। সেই অনুসৰি আই পি এল আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত আৰু ইয়াৰ চূড়ান্ত মেচ অনুষ্ঠিত হ’ব নৱেম্বৰৰ ৮ তাৰিখে। ৫১ টাকৈ দিন সামৰি টুৰ্ণামেণ্টখন অনুষ্ঠিত হ’ব। আই পি এলৰ এক বিশ্বাসযোগ্য সূত্ৰত এই কথা প্ৰকাশ পাইছে।
বি চি চি আইৰ গভাৰ্নিং বডীয়ে অহা সপ্তাহত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব। ইতিমধ্যে বি চি চি আইয়ে অনানুষ্ঠানিক ভাৱে এই বিষয়ে আই পি এলৰ ফ্ৰেঞ্চাইজিক জনাইছে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-টুৱেন্টি বিশ্বকাপ এই বৰ্ষত বাতিল হোৱাৰ পাছতে আই পি এল অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল।
আন এক সূত্ৰৰ মতে আই পি এল যদিও ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাখন এক সপ্তাহ আগুৱাই দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়। কিয়নো ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিলে ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেন্টিনত থাকিব লাগিব বুলি ইতিমধ্যে ক্ৰিকেট অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিছে।