Friday, September 30, 2022
HomeNewsআকৌ আই পি এল

আকৌ আই পি এল

অলিম্পিয়া প্রতিবেদন

পুনৰ আহিল ক্ৰিকেট উন্মাদনাত উটি ভাঁহি যোৱাৰ দিন। প্রিয় দলৰ বিজয়ত উৎফুল্লিত হোৱাৰ দিন আকৌ আহিল। মাজত মাত্ৰ চাৰিটা দিন। ইউনাইটেড আৰব এমিৰাটছত পুনৰ এতিয়া ক্ৰিকেটৰ বতাহ। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব উপ মহাদেশীয় ক্ৰিকেট মহাৰণ আই পি এল। সাজু হৈছে বিশ্বৰ অগণন ক্ৰিকেট প্ৰেমী। এবি ডিভিলিয়াৰ্ছ, ক্ৰিছ গেইল, মহেন্দ্ৰ সিং ধোনি, বিৰাট কোহলিৰ পৰা আৰম্ভ কৰি ৰোহিত শৰ্মা, ডেভিড ৱাৰ্নাৰলৈ এক দীঘলীয়া তালিকা। নিজৰ প্রিয় ক্ৰিকেটাৰগৰাকীৰ ক্ৰিকেট শৈলী উপভোগ কৰিবলৈ এতিয়া উৎসুকতাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে।

উল্লেখযোগ্য যে, যোৱা ৪ মেত ক’ভিডকালীন পৰিস্থিতিৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল আই পি এল। ভাৰতত ক’ভিডৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতেই আই পি এল অনুষ্ঠিত হোৱাক লৈ বিতৰ্কৰো সূচনা হৈছিল। সম্পূৰ্ণ জৈৱ সুৰক্ষাৰে অনুষ্ঠিত হোৱাৰ পিছতো ক’ভিডৰ পৰা হাত সাৰিব পৰা নাছিল আই পি এল। জৈৱ সুৰক্ষা ভেদ কৰি বহুকেইগৰাকী খেলুৱৈ আক্রান্ত হৈছিল ক’ভিডত। ফলত অনিৰ্দিষ্টকাললৈ স্তব্ধ হৈ পৰিছিল ক্ৰিকেট টুৰ্ণামেণ্টখন।

যোৱা ২৯ মেত বি চি চি আইয়ে আই পি এলৰ পৰৱৰ্তী মেচসমূহ ডুবাইত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি, অহা ১৯ মেত আই পি এলৰ দ্বিতীয়াৰ্ধৰ প্ৰথমখন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। ইতিমধ্যে সকলো দলৰে খেলুৱৈসকল উপস্থিত হৈছেগৈ ইউনাইটেড আৰব এমিৰাটছ। দলসমূহে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। অংশ লৈছে অনুশীলন মেচতো। এক কথাত পুনৰ এঘড়ী যুঁজিবলৈ সাজু হৈছে বিশ্বৰ নামী দামী ক্ৰিকেটাৰসকল। উল্লেখযোগ্য যে, আই পি এলৰ প্ৰথমাৰ্ধৰ খেলৰ অন্তত দিল্লী কেপিটেলছে ৬ খন মেচত জয়েৰে তালিকাৰ শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ। তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments