Friday, September 30, 2022
HomeNewsপুনৰ আই পি এল: ছেপ্টেম্বৰ-অক্টোবৰত অনুষ্ঠিত হ'ব আই পি এলৰ বাকী থকা...

পুনৰ আই পি এল: ছেপ্টেম্বৰ-অক্টোবৰত অনুষ্ঠিত হ’ব আই পি এলৰ বাকী থকা মেচসমূহ

অলিম্পিয়া প্রতিবেদন

সকলো ঠিকে থাকিলে অতি শীঘ্ৰেই দেখা পোৱা যাব আই পি এলৰ খিতাপ ৰক্ষাৰ যুজঁ। অহা ছেপ্টেম্বৰ-অক্টোবৰত আই পি এলৰ বাকী থকা মেচসমূহ অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আইয়ে।

বি চি চি আইয়ে আই পি এল পুনৰ ছেপ্টেম্বৰ অথবা অক্টোবৰৰ ভিতৰত অনুষ্ঠিত কৰাৰ কথা ভাবিছে কিয়নো ছেপ্টেম্বৰৰ ১৪ তাৰিখে ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ সামৰণি পৰাৰ বিপৰীতে অক্টোবৰৰ মাজভাগৰ পৰা টি টুৱেন্টি বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা। তেনেস্থলত ভাৰতৰ ইংলেণ্ড ভ্ৰমণ আৰু টি টুৱেন্টি বিশ্বকাপৰ মাজৰ সময়খিনিতে আই পি এল অনুষ্ঠিত কৰা সম্পৰ্কে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বি চি চি আইয়ে। এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব অহা ২৯ মেত হ’বলগীয়া বি চি চি আইৰ সাধাৰণ সভাত।

মন কৰিবলগীয়া যে, আই পি এলৰ বাকী থকা মেচসমূহ এইবাৰ ভাৰতৰ পৰিৱৰ্তে ইউ এ ইত অনুষ্ঠিত কৰাৰ কথা ভৱা হৈছে। আই পি এল অনুষ্ঠিত হ’বলগীয়া সম্ভাৱ্য স্থানৰ তালিকাত ইংলেণ্ডো আছে যদিও যোৱাবাৰৰ দৰেই ইউ এ ইতে পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰবল।

উল্লেখযোগ্য যে, জৈৱ সুৰক্ষাৰ আৱেষ্টনীত অনুষ্ঠিত চতুৰ্দশ সংখ্যক আই পি এল মাজভাগতে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। জৈৱ সুৰক্ষাৰ আৱেষ্টনী ভেদ কৰি আই পি এলৰ বহুকেইগৰাকী খেলুৱৈ আৰু অন্যান্য কৰ্মকতা কৰোনাত আক্ৰান্ত হোৱাৰ বাবেই প্রতিযোগিতাখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বি চি চি আইয়ে। তাৰ পিছতেই কৰোনা পৰিস্থিতিৰ কিছু উন্নতি ঘটিলেই পুনৰ আই পি এল অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰিছিল ভাৰতৰ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments