আকৌ আই পি এল; বাকী থকা মেচসমূহ শীঘ্ৰেই অনুষ্ঠিত হ’ব!

অলিম্পিয়া প্রতিবেদন

কেওফালে কৰোনাৰ বিভীষিকা। দিল্লী, মুম্বাইকে ধৰি দেশৰ প্ৰমুখ মহানগৰসমূহত কৰোনাৰ ব্যাপক সংহাৰ। কৰোনাকালীন এনে পৰিৱেশৰ মাজতেই যোৱা ৯ এপ্ৰিলৰ পৰা দেশত অনুষ্ঠিত হৈছিল গ্লেমাৰসৰ্বস্ব ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল। দাবী কৰা হৈছিল জৈৱ সুৰক্ষা ব্যৱস্থাৰ মাজত আই পি এল সুৰক্ষিত। দেশৰ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বি চি চি আইয়ে আশ্বাস দিছিল আই পি এলক কৰোনা মহামাৰীৰ পৰা আঁতৰত ৰখা হব। কিন্তু অৱশেষত বি চি চি আইৰ দাবী, আশ্বাসক ভেঙুচালি কৰি আই পি এলকো চুই গল কৰোনা মহামাৰীৰ বিভীষিকাই।

প্ৰথমে কলকাতা নাইট ৰাইডাৰ্ছৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দ্বীপ ৱাৰীয়ৰ কোভিডত আক্ৰান্ত হোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছৰো বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজীকে ধৰি তিনিগৰাকী দলীয় কৰ্মকতা এই মহামাৰীত আক্ৰান্ত হোৱাৰ খবৰ আহিছিল। ফলত প্ৰথম অৱস্থাত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখন বাতিল কৰা হৈছিল।

আশা কৰা হৈছিল বাকী মেচসমূহ পূৰ্বৰ সূচী মতেই অনুষ্ঠিত হ’ব। কিন্তু মঙ্গলবাৰে পুনৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছৰ দুগৰাকীকৈ খেলুৱৈ কোভিডত আক্ৰান্ত হোৱাৰ লগে লগে আই পি এলৰ বাকী থকা মেচসমূহো সময়িকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰা হয়।

এক কথাত চতুৰ্দশ সংখ্যক আই পি এল পুনৰ অনুষ্ঠিত হোৱা নোহোৱাৰ বিষয়ে অনিশ্চয়তা আহি পৰে। কিন্তু তাৰ মাজতে এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখৰ খবৰ এইটোৱেই যে সাময়িকভাৱে আই পি এল স্থগিত কৰা হ’লেও কোভিড পৰিস্থিতি উন্নত হলে যিকোনো সময়তে পুনৰ অনুষ্ঠিত হ’ব পাৰে আই পি এল। এই কথা ঘোষণা কৰিছে স্বয়ং বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। তেওঁ আশা প্ৰকাশ কৰিছে যে দেশত কোভিড পৰিস্থিতি সাম কাটিলে পুনৰ বাকী থকা মেচসমূহ পূৰ্বৰ দৰেই অনুষ্ঠিত হ’ব। সেয়া যদি হয়, তেন্তে চতুৰ্দশ আই পি এলৰ খিতাপ দখলৰ যুজঁৰ সোৱাদ পুনৰ উপভোগ কৰাৰ সুযোগ লাভ কৰিব দেশৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *