অলিম্পিয়া প্ৰতিবেদন
বেছি দিন নাই আই পি এল ২০২১লৈ। ইতিমধ্যে আই পি এলক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে ক্ৰিকেটপ্ৰেমীৰ মাজত। তাৰ মাজতে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে দেশৰ পাঁচখন ষ্টেডিয়ামৰ তালিকা, য’ত অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ আই পি এলৰ মেচসমূহ।
উল্লেখনীয় কথাটো হৈছে যে পাঁচখন চহৰৰ এই তালিকাত মুম্বাইৰ নাম এই পৰ্যন্ত অন্তৰ্ভুক্ত হোৱা নাই। মহাৰাষ্ট্ৰ চৰকাৰে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এই পৰ্যন্ত আই পি এলৰ স্থান হিচাবে মুম্বাইক সেউজ সংকেত দিয়া নাই। এই তালিকাত স্থান লাভ কৰা চহৰকেইখন হৈছে চেন্নাই, কলকাতা, আহমেদাবাদ, বেংগালুৰু আৰু দিল্লী। মহাৰাষ্ট্ৰ চৰকাৰে সেউজ সংকেত দিলে এই তালিকাত মুম্বাইয়েও স্থান লাভ কৰিব বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে।
আনহাতে, সম্ভাব্য এই তালিকাত পাঁচখন চহৰে স্থান লাভ কৰিলেও পিছলৈ লক্ষ্ণৌকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হব পাৰে। উল্লেখযোগ্য যে, বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই চতুৰ্দশ আই পি এলৰ কিছুসংখ্যক মেচ উত্তৰ প্ৰদেশত হোৱাটো বিচাৰে। সেই অনুসৰি লক্ষ্ণৌত কিছু সংখ্যক মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, চতুৰ্দশ সংখ্যক আই পি এল ভাৰততে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এইবাৰৰ আই পি এলত দৰ্শকৰ উপস্থিতি থকাটোও প্ৰায় নিশ্চিত।