অলিম্পিয়া বিশেষ প্ৰতিবেদন
✍️ পূৰ্ণানন্দ নেওগ
ঐশ্বৰ্য,মুনাফা আৰু গ্লেমাৰ- এই তিনিয়ে গ্ৰাস কৰিলে নেকি ভাৰতীয় ক্ৰিকেটক? কোনোবাই ভাৱি চাইছেনে? কাৰোবাৰ মনত উদয় হৈছে নে এনে প্ৰশ্নৰ? কিয় অৱতাৰণা হৈছে এই প্ৰশ্নৰ? ৰ’ব,তাৰ আগতে আমি অলপ পিছুৱাই যাওঁ।
মাৰ্চৰ পৰাই সমগ্ৰ পৃথিৱী কৰ’নাৰ গ্ৰাসত। লকডাউনে স্বাভাৱিক জীৱনলৈ কঢ়িয়াই আনিলে অভূতপূৰ্ব পৰিৱৰ্তন। এই সময়ত কেৱল ক্ৰিকেটেই নহয়, পৃথিৱীৰ সমগ্ৰ ক্ৰীড়াই স্তদ্ধ হৈ পৰিল অনিৰ্দিষ্টকাললৈ। অৱশ্যে, জুনলৈ পৰিস্থিতি কিছু সাম কাটিল। পুনৰ লাহে লাহে সকলো ক্ৰীড়া অনুষ্ঠিত হ’বলৈ ধৰিলে। ক্ৰিকেটো আৰম্ভ হ’ল। ইংলেণ্ড আৰু ৱেষ্টইণ্ডিজৰ মাজৰ শৃংখলাৰে ক্ৰিকেট ঘূৰি আহিল খেলপথাৰলৈ। ইংলেণ্ডলৈ ইতিমধ্যে ঘূৰি আহিল কাউণ্টি ক্ৰিকেটো। এছেক্স আৰু ছমাৰছেটে দীৰ্ঘদিনৰ বিৰতিত নামি পৰিল বিখ্যাত বব উইলিছ ট্ৰফী দখলৰ যুঁজত। এছেক্সে বিজয়ৰ মুকুট পৰিধানো কৰিলে। তাৰোপৰি, পাকিস্তানেও ভ্ৰমণ কৰিছে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। ইফালে বাংলাদেশো নিউজিলেণ্ড ভ্ৰমণৰ বাবে সাজু হৈছে। মুঠতে সমগ্ৰ পৃথিৱীতে ক্ৰিকেট আৰম্ভ হৈ হৈছে।
ইয়াৰ লগতে আৰব এমিৰাটছত চলি আছে ক্ৰিকেটপ্ৰেমীৰ আকাংক্ষাৰ চৰম কেন্দ্ৰবিন্দু আই পি এলো। প্ৰতিযোগিতাখন ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। কৰোনা মহামাৰীৰ বাবেই ভাৰতৰ ঠাইত এইবাৰ আই পি এল অনুষ্ঠিত হৈছে ইউনাইটেড আৰব এমিৰাটছত। সকলো ব্যস্ত হৈ পৰিছে আই পি এল ২০২০ক লৈ। নিতৌ দেশৰ কোটি কোটি ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিছে ক্ৰিকেটৰ এই মহাৰণ। হাজাৰ ৱাটৰ পোহৰৰ আলোকৰে আই পি এলে দেশৰ হতাশগ্ৰস্ত যুৱ প্ৰজন্মৰ হৃদয় পোহৰাই তুলিছে।
এতিয়া কথাটো হ’ল আই পি এলৰ চকু চাট মাৰি ধৰা গ্লেমাৰ, জাক জমকতাই ঢাকি ৰাখিছে নেকি দেশত ক্ৰিকেটৰ প্রকৃত ছবিখন। যি সময়ত ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাই ঘৰুৱা ক্ৰিকেটৰ আৰম্ভণি কৰাত জোৰ দিছে, সেই সময়ত ভাৰতত আজি পৰ্যন্ত ঘৰুৱা ক্ৰিকেটৰ ছবিখন স্পষ্ট হোৱা নাই। ঘৰুৱা ক্ৰিকেট কেতিয়া আৰম্ভ হ’ব, দেশত মহিলা ক্ৰিকেটৰ পৰিণতি কি হ’ব এনেবোৰ কথাক লৈ যেন চিন্তিত নহয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। সততে ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সংস্কাৰ কঢ়িয়াই আনিবলৈ বদ্ধ পৰিকৰ বুলি জাহিৰ কৰি অহা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ হাততো যেন এই কথাবোৰৰ কোনো উত্তৰ নাই।
ভাৰতত ঘৰুৱা ক্ৰিকেট খেলিও বহুতেই সংসাৰ চলাই আহিছে। যোৱা ছয়-সাত মাহ ধৰি তেওঁলোকৰ কোনো উপাৰ্জন নাই। বি চি চি আইক যিদৰে আই পি এল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তৎপৰ দেখা পোৱা গ’ল, ঠিক একেই তৎপৰতা কিন্তু ঘৰুৱা ক্ৰিকেটৰ আৰম্ভণি কৰাত দেখা পোৱা ন’গল। যদি বিদেশী মাটিত আই পি এল অনুষ্ঠিত কৰিব পাৰি তেন্তে ঘৰুৱা ক্ৰিকেট অনুষ্ঠিত কৰিব নোৱাৰাৰ যুক্তি ক’ত? এনে বহু প্ৰশ্নই সমুখলৈ আহিছে এতিয়া। কেইদিনমান আগতে ৰঞ্জী ক্ৰিকেটাৰ অভিনৱ মুকুন্দে কৈছে যে ইংলেণ্ড অথবা অষ্ট্ৰেলিয়াৰ দৰে ঘৰুৱা ক্ৰিকেটৰ চুক্তি ভাৰতৰ ঘৰুৱা খেলুৱৈসকলে লাভ নকৰে। ইপিনে, সৌ সিদিনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিঠালী ৰাজে কৈছে, আমি অনুশীলন চলাই আছো। কিন্তু কিয় কৰি আছো নিজেও নাজানো। ৱেষ্টইণ্ডিজ, ইংলেণ্ডত মহিলা ক্ৰিকেটৰ আৰম্ভণি হৈছে। অহা মাহত নিউজিলেণ্ডৰ মহিলা দলটো অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা কথা। অথচ বিশ্ব ৰেংকিঙৰ আগশাৰীৰ দল ভাৰতীয় মহিলা দলে এই পৰ্য্যন্ত গমেই নাপায় যে আগন্তুক সময়ত তেঁওলোকে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলাৰ সুযোগ পাব নে নাই। বিৰম্বনাৰ কথা নহয় নে এয়া!! বিশ্বৰ আটাইতকৈ ঐশ্বৰ্যশালী বোৰ্ড তথা যিখন বোৰ্ডৰ অধ্যক্ষ এগৰাকী সফল প্ৰাক্তন অধিনায়ক সেইখন বোৰ্ডৰে আজি এই অৱস্থা যে ঘৰুৱা ক্ৰিকেট অথবা মহিলা ক্ৰিকেটৰ সম্পৰ্কত উত্তৰ নাই তেওঁলোকৰ ওচৰত। কেৱল ব্যৱসায়িক দিশটোৰ বাবেই অৱহেলিত হৈ ৰৈছে নেকি ভাৰতত ঘৰুৱা ক্ৰিকেট আৰু মহিলা ক্ৰিকেট? ব্যৱসায়ৰ মোহত বন্দী হৈ পৰিছে নেকি ভাৰতীয় ক্ৰিকেট? তেনেহ’লে আগন্তুক সময়ত চেটেশ্বৰ পূজাৰাৰ দৰে টেষ্ট ক্ৰিকেটাৰৰ নিৰ্মান হ’ব কেনেদৰে? কি দৰে সৃষ্টি হ’ব মিঠালী ৰাজ, স্মৃতি মান্ধানাৰ দৰে ক্ৰিকেটাৰৰ!!