আই পি এলৰ সম্প্ৰচাৰৰ পৰা ৩৬০০০ কৌটি উপাৰ্জনৰ সম্ভাৱনা

✍️ নৱনীতা বড়ো

বি চি চি আইয়ে আগন্তুক ২০২৩ৰ পৰা ২০২৭লৈ আই পি এল সম্প্ৰচাৰৰ বাবদ দূৰদৰ্শন আৰু ডিজিটেল দুয়োটা প্লেটফৰ্মৰ পৰা মুঠ পাঁচ আৰব ডলাৰ অৰ্থাৎ ৩৬০০০ কোটি টকা উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, আই পি এলৰ সম্প্ৰচাৰৰ অধিকাৰ ২০১৮ ৰ পৰা ২০২২ লৈকে ষ্টাৰ ইণ্ডিয়াৰ ওচৰত আছে। এই সম্প্ৰচাৰ কালত ইয়াৰ উপাৰ্জন ১৮০০০ কৌটি ধৰা হৈছে যদিও আহিবলগীয়া সময়ত ইয়াৰ মূল্য দুগুণ হোৱাৰ সম্ভাৱনা আছে। ২০২২ ৰ পৰা আই পি এলত ১০ টা দল আৰু ৭৪ খন মেচ হ’ব আৰু ইয়াৰ উপাৰ্জনো পূৰ্ণ গতিত বাঢ়িব বুলি অধিকাৰীসকলে ব্যক্ত কৰে।মন কৰিবলগীয়া যে, যিকোনো বিদেশী কোম্পানীক আই পি এলৰ সম্প্ৰচাৰ কৰা অধিকাৰ ভাৰতত তেওঁলোকৰ শাখা থাকিলেহে দিয়া হয়। যোৱা বাৰ দূৰদৰ্শন আৰু ডিজিটেল মিডিয়াৰ অধিকাৰ চনী চেনেলক হৰুৱাই ষ্টাৰ ইণ্ডিয়াই ক্ৰয় কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *