Sunday, October 2, 2022
HomeNewsসুদক্ষ আই পি এছ বিষয়া কিৰণ বেদী আছিল টেনিছৰ নেচনেল চেম্পিয়ন!!কিমানে জানো...

সুদক্ষ আই পি এছ বিষয়া কিৰণ বেদী আছিল টেনিছৰ নেচনেল চেম্পিয়ন!!কিমানে জানো ক্ৰীড়াবিদ কিৰণ বেদীক!

কিৰণ বেদীক আমি সকলোৱে জানো। এসময়ৰ এগৰাকী সুদক্ষ আই পি এছ বিষয়া তেওঁ। সকলোৱে তেওঁক আই পি এছ লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী বিষয়া হিচাবেই জানে। এসময়ত সমগ্ৰ দেশযুৰি আন্না হাজাৰেৰ নেতৃত্বত চলা দুৰ্নীতিবিৰোধী আন্দোলনৰ অংশীদাৰ হৈছিল এইগৰাকী এসময়ৰ সুদক্ষ আৰক্ষী বিষয়া। তাৰপাছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কিৰণ বেদী বৰ্তমান পুডুচেৰীৰ ৰাজ্যপাল। কিন্তু আই পি এছ হোৱাৰ আগতে কিৰণ বেদী যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ আছিল সেই কথা কিমানে জানো বাৰু আমি।

হয়, ষাঠি সত্তৰ দশকত কিৰণ বেদীৰ নাম প্ৰায়েই বাতৰি কাকতৰ ক্ৰীড়া পৃষ্ঠাত দেখা পোৱা গৈছিল। দেউতাক প্ৰকাশ পেছৱাৰিয়া আছিল এজন টেনিছ খেলুৱৈ। দেউতাকৰ পৰা অনুপ্ৰাণিত হৈছিল শিশু কিৰণ। কেৱল ন বছৰ বয়সতে হাতত তুলি লৈছিল ৰেকেট। খেলত সুবিধা হওক বুলিয়েই চুলিখিনি চুটিকৈ কাটি পেলাইছিল কিৰনে। ১৯৬৪ চনত পোন প্ৰথমবাৰৰ বাবে অমৃৎসৰৰ বাহিৰত খেলিবলৈ গৈছিল কিৰণ। দিল্লীত অনুষ্ঠিত নেচনেল জুনিয়ৰ লন টেনিছ চেম্পিয়নশ্বিপত সেইবাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হৈছিল কিৰণ। অৱশ্যে পিছত ক্ৰমে ১৯৬৬ আৰু ১৯৭২ ত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল তাই।

১৯৬৮ত কিৰনে ভনীয়েক ৰীতাৰ সৈতে যুটি বান্ধি অল ইণ্ডিয়া ইণ্টাৰভাৰ্ছিটি টেনিছৰ খিতাপ অৰ্জন কৰে। পিছলৈ ক্ৰমান্বয়ে তিনিবাৰকৈ এই খিতাপ দখল কৰিছিল দুই বায়েক-ভনীয়েকে। ১৯৭৫ চনত অল ইণ্ডিয়া আন্তঃৰাজ্যিক মহিলা লন টেনিছত খিতাপ দখল কৰে। কিৰন বেদীৰ জীৱনৰ উল্লেখযোগ্য সফলতা আছিল ১৯৭৬ চনত হস্তগত কৰা নেচনেল ৱ’মেনছ লন টেনিছ চেম্পিয়নশ্বিপৰ খিতাপ।

বেদীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰীলংকাত অনুষ্ঠিত লিয়’নেল ফনচেকা মেমৰিয়েল ট্ৰফীতো চেম্পিয়নৰ খিতাপ দখল কৰে। ১৯৭৬ চনত অনুষ্ঠিত প্ৰথম নেচনেল স্পৰ্টছ ফেষ্টিভেলত কিৰণ বেদীয়ে ভগ্নী অনু পেশ্বৱাৰীয়াৰ সৈতে যুটি বান্ধি তিনিতাকৈ স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিছিল। বেদীৰ দুয়োগৰাকী খেলুৱৈ আছিল ক্ৰীড়াবিদ। অনুই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জিকাৰ লগতে উইম্বলডনতো ভাগ লৈছিল। টেনিছ খেলি ভাল পোৱা কিৰণ বেদীয়ে অৱশেষত ১৯৭৫ চনত ইণ্ডিয়ান পুলিচ চাৰ্ভিছত যোগ দিয়ে। ২০০৭ চনত অৱসৰ গ্ৰহণ কৰি বেদী জড়িত হৈ পৰে সক্ৰিয় ৰাজনীতিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments