Tuesday, October 4, 2022
HomeNewsভয়ংকৰ সুন্দৰ ছবিৰ বাবে গ্ৰেপ্তাৰ হ'ল parkour এথলিট

ভয়ংকৰ সুন্দৰ ছবিৰ বাবে গ্ৰেপ্তাৰ হ’ল parkour এথলিট

olympiasports.in

✍️ তুষাৰ প্ৰতিম

সুউচ্চ অট্টালিকাৰ ছাঁদ। ছাঁদৰ একেবাৰে শেষত এহাল যুৱক-যুৱতী। তেওঁলোক ছাঁদখনৰ এনেকুৱা এক স্থানত আছে য’ৰ পৰা অলপ ইফাল- সিফাল হলেই ঘটিব পাৰে বৃহৎ অঘটন। ৰৈ আছে মৃত্যু। এনে এক ভয়ংকৰ স্থানত থকা সেই দুই যুৱক-যুৱতী দুই Parkour এথলিট। এওঁলোক দুইজনে সেই বিপদসংকুল স্থানত পৰস্পৰে পৰস্পৰৰ ওঁঠত ৰাখিছে ওঁঠ। তেওঁলোকৰ এই বিশেষ মুহূৰ্তক আকৌ কেমেৰাত বন্দী কৰিছে এগৰাকী ফটোগ্ৰাফাৰে। আচলতে এয়া আছিল Parkour খেল। খেল বিধ প্ৰধানতঃ ভয়ংকৰ ষ্টাণ্টৰ। এইদৰে ষ্টাণ্ট কৰি পিছে এতিয়া বিপদত পৰিছে দুয়োগৰাকী এথলিট। সবিশেষ জনোৱাৰ আগতে জনাই ল‌ও Parkour খেল বিধৰ বিষয়ে।

Parkour খেল বিধৰ জন্ম হৈছিল ৯০ দশকত ফ্ৰান্সত। এই খেল বিধত কোনো এক দুৰ্গম স্থানত অত্যন্ত ভয়ংকৰভাবে বিভিন্ন ষ্টাণ্ট শিকোৱা হয়। বিশেষকৈ চহৰৰ সুউচ্চ অট্টালিকাৰ ছাঁদৰ একেবাৰে শেষ প্ৰান্তত ৰৈ এই ষ্টাণ্ট কৰা হয়। এই খেল বিধ কেৱল যে ফ্ৰান্সতে সীমাবদ্ধ হৈ আছে তেনে নহয়, বিশ্বৰ অন্যান্য প্ৰান্তলৈয়ো সম্প্ৰসাৰণ ঘটিছে এই ভয়ংকৰ খেলবিধৰ। উপৰোক্ত ঘটনাটো ইৰাণৰ ৰাজধানী চহৰ তেহৰানৰ। ইৰাণটো ভালকৈয়ে জনপ্ৰিয় হৈছে এই ভয়ংকৰ খেলবিধ।

তেহৰানৰ কোনো এক অজ্ঞাত স্থানৰ সুউচ্চ অট্টালিকাৰ দৃশ্য আছিল সেয়া। য’ত দেখা গৈছে কিদৰে ছাঁদৰ শেষ অংশত এহাল যুৱক যুৱতীয়ে শূন্যত ভৰি ওলমাই বহি চুম্বন কৰি আছে। এই “ভয়ংকৰ সুন্দৰ” ছবি চচিয়েল মিডিয়াত পষ্ট কৰাৰ পিছতেই ভাইৰেল হৈ পৰিছিল। বহুতে তেওঁলোকক প্ৰসংশা কৰাৰ লগতে বহুতেই এনে এক ভয়ংকৰ ষ্টাণ্ট কৰাৰ বাবে সমালোচনাও কৰিছিল। ইয়াৰ মাজতে আকৌ তেহৰানৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই “ভয়ংকৰ সুন্দৰ” ছবি চচিয়েল মিডিয়াত আপলোড কৰা Parkour এথলিট আলিৰেজাক। কেৱল অশালীন ছবি পষ্ট কৰাৰ বাবেই নহয়, এই ভয়ংকৰ ষ্টাণ্ট কৰাৰ বাবেও এতিয়া আলিৰেজাৰ লগতে তেওঁৰ সহযোগী এথলিটক গ্ৰেপ্তাৰ কৰিছে ৰক্ষণশীল ইৰাণী প্ৰশাসনে।

Parkour এথলিট দুগৰাকীৰ এই ভয়ংকৰ সুন্দৰ ছবি চচিয়েল মিডিয়াত পষ্ট কৰাৰ লগে লগে বহুতেই তেওঁলোকৰ সাহসীকতাৰ বাবে প্ৰসংশা কৰিছিল। কিন্তু দেশৰ আইনৰ বাবে তেওঁলোক হৈ পৰিছিল ‘ভিলেইন’। ইৰাণৰ প্ৰশাসনে ধৰ্ম আৰু সংস্কৃতিক আওকাণ কৰি এনে ছবি পষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে দুয়োজন Parkour এথলিটক। ইৰাণৰ ৰাজধানী তেহৰানৰ আৰক্ষী প্ৰধান হুছেইন ৰহিমে এই ঘটনা সম্পৰ্কত সংবাদ মাধ্যমৰ আগত কৈছে এইদৰে,

“তেহৰানৰ চাইবাৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে যি অশালীন আচৰণ কৰিছে সেয়া নীতি বিৰোধ। আমি আশা কৰোঁ আদালতে এওঁলোকক উচিত বিচাৰ কৰিব।”

https://twitter.com/AJapalaghy/status/1260185050391420928?s=20

সোমবাৰে আলিৰেজাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে এতিয়া সৰৱ হৈ পৰিছে চচিয়েল মিডিয়া। আৰক্ষীক সমালোচনা কৰি একাংশ‌ই লিখিছে Parkour এথলিটে কোনো অপৰাধ কৰা নাই। গতিকে তেওঁলোকক এইদৰে কাৰাবন্দী কৰি ৰখা অনুচিত।

https://twitter.com/AJapalaghy/status/1260185050391420928?s=20
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments