Wednesday, September 28, 2022
HomeNewsমৃত্যুদণ্ডৰে দণ্ডিত হ'ল ইৰাণীয়ান মল্লযুঁজাৰু

মৃত্যুদণ্ডৰে দণ্ডিত হ’ল ইৰাণীয়ান মল্লযুঁজাৰু

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী চিকিউৰিটি গাৰ্ডৰ হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত হ’ল ইৰাণৰ প্ৰখ্যাত মল্লযুঁজাৰু নভিদ আফকাৰী। ২৭ বছৰীয়া মল্লযুঁজাৰুৰ বিৰুদ্ধে চিৰাজ নামৰ চহৰত কৰ্মৰত এগৰাকী জলসিঞ্চন বিভাগৰ কৰ্মীক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইৰাণ চৰকাৰে যোৱা সপ্তাহত অভিযুক্ত নভিদৰ হত্যাৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ প্ৰকাশ কৰে। হত্যাৰ বলি হোৱা লোকজনৰ পৰিয়ালে মৃত্যুদণ্ড প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ইৰাণৰ চৰকাৰে।

অৱশ্যে, অভিযুক্ত আফকাৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈহে সেই কথা স্বীকাৰ কৰিছিল বুলি উল্লেখ কৰি গৈছে। লগতে তেওঁৰ উকীল আৰু পৰিয়ালৰ লোকেও ইৰাণ চৰকাৰৰ এই সিদ্ধান্তক অন্যায় বুলি উল্লেখ কৰিছে।

উল্লেখযোগ্য যে আফকাৰী আৰু তেওঁৰ ভ্ৰাতৃয়ে একেলগে এটা নিৰ্মানকাৰী সংস্থাৰ হৈ টেহৰানৰ ৰাজধানী চিৰাজত কাম কৰিছিল। ইৰাণীয়ান ক’ৰ্টে মল্লযুঁজাৰু গৰাকীৰ লগতে তেওঁৰ ভ্ৰাতৃকো কাৰবাসৰ নিৰ্দেশ দিছে।

ইফালে মৃত্যুদণ্ডৰ পূৰ্বে পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে ইৰাণত এতিয়াও মৃত্যুদণ্ড সুলভ। হত্যা, ধৰ্ষণ আদিৰ বাবে ইৰাণত কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ নিয়ম আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments