Wednesday, October 5, 2022
HomeNewsক্ৰমাৎ ঘূৰি আহিছে ক্ৰিকেট উন্মাদনা; ইংলেণ্ডত অন্তিম অভাৰত আয়াৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

ক্ৰমাৎ ঘূৰি আহিছে ক্ৰিকেট উন্মাদনা; ইংলেণ্ডত অন্তিম অভাৰত আয়াৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

অলিম্পিয়া বাৰ্তা

কৰ’নাৰ ভয়াৱহতাৰ মাজতে পুনৰ ঘূৰি আহিছে ক্ৰিকেট উন্মাদনা। সেউজীয়া ঘাঁহনিত বেট-বলৰ নিপুণ যুজঁ প্ৰত্যক্ষ কৰাৰ ভাল দিনবোৰ পুনৰ ঘূৰি আহিছে।

সম্প্ৰতি ইংলেণ্ডৰ মাটিত অনুষ্ঠিত হৈ আছে ইংলেণ্ড আৰু আয়াৰলেণ্ড মাজত এদিনীয়া শৃংখলাৰ মেচসমূহ। এই শৃংখলাৰ তৃতীয় তথা অন্তিম মেচখন অনুষ্ঠিত হয় ইংলেণ্ডৰ ছাউথেম্পটনত।

মঙ্গলবাৰে আয়াৰলেণ্ডে টছত জয় লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডে এক বিস্ফোৰক আৰম্ভণি কৰে ইয়ন মৰ্গানৰ বিস্ফোৰক ৮৪ বলৰ ১০৬ ৰানৰ ইনিংছৰ সহায়ত। কেৱল ২৫ অভাৰত দলে সংগ্ৰহ কৰে ১৮২ ৰান ৩ টা উইকেটৰ বিনিময়ত। অৱশ্যে তাৰ পাছতে খেলৰ গতি কিছু মন্থৰ হয়। আয়াৰলেণ্ডৰ বলাৰে মেচখন নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। কিন্তু ইংলেণ্ডৰ ডেভিড উইলিৰ বিস্ফোৰক ৫১ আৰু টি কে কুৰেনৰ ৩৮ ৰানৰ সহায়ত দলটোয়ে ৪৯.৫ অভাৰত সংগ্ৰহ কৰে ৩২৮ ৰান।

আয়াৰলেণ্ডৰ বেটছমেনে সন্মুখত ৩২৯ ৰানৰ লক্ষ্য আগত লৈ আত্মপ্ৰত্যয়ৰে ইনিংছৰ আৰম্ভণি ঘটায়। দ্বিতীয় উইকেটৰ যুটীত পল ষ্টাৰলিং (১৪২) আৰু এন্দ্ৰীঅ’ বেলবিৰ্নিয়ে (১১৩) যোগ দিয়ে ২১৪ ৰান। ৪২ তম অভাৰলৈকে দুয়োজনে দলটোৰ ইনিংছ চম্ভালে। ইয়াৰ পাছতে কেভিন অ’ ব্ৰায়ান(২১) আৰু হেৰী টেক্টৰে(২৯) দলটোক বিজয় লক্ষ্যত উপনীত কৰায় ৪৯.৫ অভাৰত।

মঙ্গলবাৰে ছাউথেম্পটনত পুনৰ যেন ২০১৫ ৰ বিশ্বকাপৰ সেইখন মেচখনৰে পুনৰাবৃত্তি হ’ল। ২০১৫ ৰ বিশ্বকাপতো এনেদৰে বিজয় সাব্যস্ত কৰিছিল আয়াৰলেণ্ড দলটোৱে। সেইবোৰো লক্ষ্য আছিল ৩২৯ ৰানৰে।

উল্লেখযোগ্য যে, আয়াৰলেণ্ডক শেষৰটো অভাৰত প্ৰয়োজন হৈছিল ৮ ৰানৰ। ইংলেণ্ডৰ চাকিব মহম্মদে অন্তিম অভাৰৰ ৩ নম্বৰ বলটো ন বল দি যেন আয়াৰলেণ্ডৰ বিজয় সহজ কৰি তুলিলে। ৫ নম্বৰ বলটোত কেভিন অ’ ব্ৰায়ানে ১ ৰান কৰাৰ লগতে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে ক্ৰিকেটৰ শিশু আয়াৰলেণ্ডে।

তিনিখন এদিনীয়াৰ চিৰিজটোত দুখনত জয়লাভ কৰি ইংলেণ্ডে ইতিমধ্যে চিৰিজ দখল কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments