অলিম্পিয়া প্ৰতিবেদন
ইণ্টাৰনেটৰ দুনীয়াত এই কেইদিন শচীন তনয়া ছাৰা তেণ্ডুলকাৰ আৰু কলকাতা নাইটৰাইডাৰ্ছৰ টপ অৰ্ডাৰ সোঁহতীয়া বেটছমেন শুভমন গীলৰ মাজৰ প্ৰেমৰ সম্পৰ্কক লৈ বেচ চৰ্চা চলি আছে। ভাৰতৰ জীৱন্ত কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ ইনষ্টাগ্ৰাম পোষ্ট আৰু কমেণ্টক লৈ সৃষ্টি হৈছে এই চৰ্চা। একাংশই দাবী কৰিছে ছাৰাই শুভমনক ডেট কৰি আছে। ইয়াৰ মাজতে আকৌ চাৰ্ছ ইঞ্জিন গুগলেও কৈছে ছাৰা তেণ্ডুলকাৰ শুভম গীলৰ পত্নী।
কেইদিনমান পূৰ্বে কলকাতা নাইটৰাইডাৰ্ছৰ এখন মেচত শুভমনে সুন্দৰ ফিল্ডিং কৰি সকলোৰে প্ৰশংসা আদায় কৰিছিল। ইয়াৰ মাজতে শচীনৰ কন্যা ছাৰাই শুভমনৰ সেই ফটো নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰি কেইটামান হাৰ্টৰ ইম’জি দি লিখিছিল এতিয়া ইয়াতেই হৃদয় দিছোঁ। ছাৰাৰ এই পষ্টৰ পিছতে ইন্টাৰনেট দুনীয়াত ছাৰা আৰু শুভমৰ প্ৰেমৰ সম্পৰ্কক লৈ সৰৱ আলোচনা আৰম্ভ হ’ল। ইয়াৰ মাজতে আকৌ পোহৰলৈ আহিছে কেইদিনমান পুৰণি আন এটা ইনষ্টাগ্ৰাম প’ষ্ট। শুভমনে ৰেঞ্জ ৰ’ভাৰ গাড়ী ক্ৰয় কৰি গাড়ীখনৰ লগত নিজৰ এখন ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছিল। সেই ফটোখনত ছাৰাই এটা ক’লা ৰঙৰ হাৰ্টৰ ইম’জি দি শুভমনক শুভেচ্ছা জনাইছিল। প্ৰত্যুত্তৰত শুভমনেও ক’লা হাৰ্টৰ ইমজি দি ধন্যবাদ জনাইছিল। দুয়োৰে এই কাৰ্যক লক্ষ্য কৰি থকা ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই ছাৰাৰ সেই কমেণ্টত গৈ শুভমনক ৰিপ্লাই দিছিল এইদৰে, most welcome from her
এইদৰে ইন্টাৰনেট দুনীয়াত দুয়োৰে সম্পৰ্কক লৈ চলি থকা এই চৰ্চাৰ এখোপ ওপৰত গৈ চাৰ্ছ ইঞ্জিন গুগলে দিছে আন এক তথ্য। গুগলৰ মতে ছাৰা তেণ্ডুলকাৰ শুভমন গীলৰ পত্নী। তাকে লৈ এতিয়া আকৌ বহুতৰ মাজত চৰ্চা কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ল দুয়ো! আচলতে গুগলৰ এয়া এক ভুল তথ্য। এই কেইদিন দুয়োৰে প্ৰেমৰ সম্পৰ্কক লৈ ইণ্টাৰনেটত অধিক আলোচনা চলাৰ বাবেই গুগলৰ এই ভুল। কেইদিনমান পূৰ্বে বিৰাট ক’হলিৰ অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাকো আফগানিস্তানৰ ক্ৰিকেটাৰ ৰছিদ খানৰ পত্নী বুলি গুগলে ভুল তথ্য দাঙি ধৰিছিল। ইয়াৰ অন্তৰালৰ কাৰণ হ’ল কেইদিনমান পূৰ্বে ৰছিদ খানক তেওঁৰ প্ৰিয় বলিউডৰ অভিনেত্ৰী কোন বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ অনুস্কা শৰ্মাৰ নাম লৈছিল। তেতিয়াৰ পৰাই এই বিষয়তো আলোচনা হৈ থকাৰ বাবেই গুগলে কৰিলে এনে ভুল। মন কৰিবলগীয়া যে আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰা ৰছিদ খনে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে যে আফগানিস্তানৰ ক্ৰিকেট দলে বিশ্বকাপ জয় নকৰালৈকে তেওঁ বিবাহ পাশত আৱদ্ধ নহয়।