Wednesday, October 5, 2022
HomeNewsআইএছএলত পুতৌজনক অৱস্থা নৰ্থ ইষ্ট ইউনাইটেডৰ!

আইএছএলত পুতৌজনক অৱস্থা নৰ্থ ইষ্ট ইউনাইটেডৰ!

অলিম্পিয়া প্ৰতিবেদন

আই এছ এলত পুতৌজনক অৱস্থা নৰ্থ ইষ্ট ইউনাইটেডৰ । পুনৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ছন্দপতন । এ টি কে মোহন বাগানৰ বিৰুদ্ধে পৰাভূত নৰ্থ ইষ্ট । আশাহত উত্তৰ-পূবৰ ফুটবলপ্ৰেমী ।

গোৱাত অব্যাহত চলিত ছিজনৰ ভাৰতীয় ফুটবলৰ সৰ্ববৃহৎ মহাৰণ আই এছ এল । পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ দল নৰ্থ ইষ্ট ইউনাইটেডৰ । শনিবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ নিজা সপ্তদশ মেচত অৱৰ্তীণ হল অন্যতম শক্তিশালী দল এ টি কে মোহন বাগানৰ বিৰুদ্ধে । কিন্তু বিপক্ষৰ হাতত ৩-১ গ’লৰ ব্যৱধানত পুনৰ ধৰাশায়ী হল নৰ্থ ইষ্ট । খেলৰ প্ৰথমাৰ্ধত নৰ্থ ইষ্টৰ হৈ ১৭ মিনিটত ভি পি ছুহেয়াৰে এটা গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ প্ৰত্যুত্তৰত থমকি নাথাকিল বিপক্ষ এ টি কে মোহন বাগান । খেলৰ প্ৰথমাৰ্ধতে এ টি কে মোহন বাগানৰ হৈ ২২ মিনিটত জনী কাউকো আৰু ৪৫ মিনিটত লিষ্টন কলাকোৱে এ টাকৈ গ’ল দি মুঠ ২-১ গ’লৰে ব্যৱধান বৃদ্ধি কৰে । খেলৰ দ্বিতীয়াৰ্ধত নৰ্থ ইষ্টে কোনো গ’ল পৰিশোধ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিবৰ্তে ৫২ মিনিটত এ টি কে মোহন বাগানৰ হৈ মনবীৰ সিঙে পুনৰ এটা গ’ল দিয়ে । ফলত ১-৩ গ’লৰ ব্যৱধানত এ টি কে মোহন বাগানৰ হাতত পৰাস্ত হল জন আব্ৰাহাম মালিকাধীন দলটো ।
এই পৰাজয়ৰ পাছত পইন্ট টেবুলৰ সৰ্বনিম্ন সেই একে একাদশ স্থানতে থাকিল নৰ্থ ইষ্ট । আনহাতে, ২৯ পইন্টৰে তালিকাৰ শীৰ্ষত থাকিল হাইদৰাবাদ এফ চি ।
উল্লেখযোগ্যযে নৰ্থ ইষ্ট ইউনাইটেডে এতিয়ালৈকে ১৭ খন মেচত অৱৰ্তীণ হৈছে । ইয়াৰে মাত্র ২ খনত জয়ী হোৱাৰ বিপৰীতে ১১ খনত পৰাজয় বৰণ কৰিছে দলটোৱে । তদুপৰি ৪ খন মেচ হৈছে ড্ৰ । অহা ১৮ ফ্ৰেব্ৰুৱাৰীত নৰ্থ ইষ্ট ইউনাইটেডে পুনৰ যুঁজিব বেংগালুৰু এফ চিৰ বিৰুদ্ধে ।

নৰ্থ ইষ্ট ইউনাইটেডৰ এই ছন্দ পতনে আশাত চেঁচাপানী ঢালিছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমীৰ । বিগত বৰ্ষৰ ছেমিফাইনেলিষ্ট নৰ্থ ইষ্ট ইউনাইটেডৰ ধাৰাবাহিক পৰাজয়ৰ কাৰণ কি ? বিভিন্ন জনে বিশ্লেষণ কৰিছে ইয়াৰ কাৰণ সমূহ । তথাপি উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা উপযুক্ত ৰণকৌশলৰে দখল কৰক এই ছিজনৰ চেম্পিয়নৰ খিতাপ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments