Wednesday, July 6, 2022
HomeNewsআই এছ এল ২০২০: ঘোষণা হ'ল সময়সূচী

আই এছ এল ২০২০: ঘোষণা হ’ল সময়সূচী

অলিম্পিয়া প্ৰতিবেদন

ঘোষিত হ’ল ২০২০-২১ বৰ্ষৰ আই পি এলৰ প্ৰথম ১১ ৰাউণ্ডৰ সময়সূচী। লীগখনৰ সপ্তম সংস্কৰণৰ খেলসমূহ এইবাৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। মুঠ ১১৫ খন মেচ হ’বলগীয়া এইবাৰৰ খেলসমূহ গোৱাত বন্ধ ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব।

গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, জি এম চি এথলেটিক ষ্টেডিয়াম আৰু তিলক মৈদান ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হয়।

খেলসমূহ সন্ধিয়া ৭.৩০ ৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দেওবাৰে দুখনকৈ খেল অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰথমখন মেচ অনুষ্ঠিত হ’ব বিয়লি ৫ বজাৰ পৰা।

এইবাৰ আই এছ এলত দেখা যাব ১১ টাকৈ দলক। আই লীগৰ শক্তিশালী দল এ টি কে মোহনবাগান এফ চিৰ আই এছ এলত প্ৰৱেশে এইবাৰ প্ৰতিযোগিতাখন পূৰ্বতকৈ অধিক আকৰ্ষণীয় কৰি তুলিব আশা কৰিছে অনুৰাগীসকলে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত জি এম চি এথলেটিক ষ্টেডিয়ামত মুখামুখি হ’ব কেৰেলা ব্লাষ্টাৰছ আৰু এ টি কে মোহনবাগান এফ চি। লীগৰ দ্বিতীয়খন মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখামুখি হ’ব মুম্বাই চি টি এফ চি। মেচখন অনুষ্ঠিত হ’ব তিলক মৈদান ষ্টেডিয়ামত।

ছেমি ফাইনেল আৰু ফাইনেল খেলৰ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments