Monday, October 3, 2022
HomeNewsপৰিয়ালৰ পৰা আঁতৰি সুদূৰ জাৰ্মানীত অনলাইনত দবা খেলিছে বিশ্বনাথন আনন্দে

পৰিয়ালৰ পৰা আঁতৰি সুদূৰ জাৰ্মানীত অনলাইনত দবা খেলিছে বিশ্বনাথন আনন্দে

olympiasports.in

বহুমাহ ধৰি পৰিয়ালৰ পৰা আতৰি আছে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দ। বুগুছলিগা দবাৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে চলিত মাহত জাৰ্মানীলৈ গৈছিল দবা খেলুৱৈ গৰাকী। জাৰ্মানীত থকাৰ সময়তে ক’ভিড-১৯ য়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত জাৰ্মানীত লকডাউন ঘোষণা কৰা হয়। বন্ধ কৰি দিয়া হয় বিমানবন্দৰ। যাৰ বাবে জাৰ্মানীতেই আৱদ্ধ হৈ পৰে ভাৰতীয় দবা খেলুৱৈ গৰাকী। জাৰ্মানীত গৃহবন্দী হৈ থকা বিশ্বনাথন আনন্দে অনলাইন ইভেণ্টৰ লগত জড়িত হৈ পৰিছে।

‘জাৰ্মানী যথেষ্ট সুবিধাজনক। মই এখন সৰু চহৰত আছোঁ। মই খোজ কাঢ়িবলৈ বাহিৰলৈ যাবলৈ বহুবাৰ সুযোগ লাভ কৰিছোঁ। অৱশ্যে এইদৰে খোজ কাঢ়িবলৈ যাওঁতে দূৰত্ব বজাই চলিব লগীয়া হৈছে।’ জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত থকা বিশ্বনাথ আনন্দে এইদৰে কয়। লগতে আনন্দে কয় যে তেওঁ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈও সুযোগ লাভ কৰিছে।

গৃহবন্দীত্বৰ এই সময়ছোৱাত দবা পৰিবেশ-পৰিস্থিতিৰ লগত মিলি গৈছে। এই প্ৰসংগত আনন্দে কয় যে ‘অৰ্থনীতিত ক’ভিদ-১৯ৰ কি প্ৰভাৱ পৰে কোনেও ক’ব নোৱাৰে। ইণ্টাৰনেট যোগে দবা খেল চলি আছে। অনলাইনত তুলনামূলকভাৱে মসৃণভাবে মিলি পৰিছে দবা। বহু প্ৰতিযোগিতা বাতিল বা স্থগিত হোৱাত সকলো ঘৰতে থাকিবলগীয়া হৈছে। এই সময়ত ইণ্টাৰনেটত দবা খেলাটো উপভোগ্য হৈ পৰিছে।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments