Wednesday, May 25, 2022
HomeNewsআই টি এফ ছিনিয়ৰ টেনিছৰ সামৰণি; ৩৫ বছৰ উৰ্দ্ধত দ্বিমুকুট অর্জন চন্দ্র...

আই টি এফ ছিনিয়ৰ টেনিছৰ সামৰণি; ৩৫ বছৰ উৰ্দ্ধত দ্বিমুকুট অর্জন চন্দ্র শেখৰ মােহান্তিৰ

অলিম্পিয়া প্রতিবেদন

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচল ক্রীড়া প্রকল্পত অনুষ্ঠিত হােৱা আই টি এফ ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতাৰ পুৰুষৰ ৩৫ বছৰ উৰ্দ্ধত দ্বিমুকুট অর্জন কৰিছে ভাৰতৰ চন্দ্র শেখৰ মােহান্তিয়ে। শুক্ৰবাৰে অনুষ্ঠিত একক শাখাৰ ফাইনেলত মােহান্তিয়ে ১-৬, ৬-১, ৬-৪ ৰ ব্যৱধানত পৰাস্ত কৰে ইন্দ্ৰকুমাৰ সিঙক। আনহাতে, এই শাখাৰ ডাবলছৰ ফাইনেলত চন্দ্র শেখৰ মােহান্তি আৰু দিলীপ মােহান্তি যুটিয়ে ৬-৪, ৩-৬, ১০-৬ ৰ ব্যৱধানত পৰাস্ত কৰে ৰাজেশ বৰুৱা আৰু শিৱ কুমাৰ প্রজাপতিক।

ইফালে, পুৰুষৰ একক শাখাৰ ৪৫ বছৰ উৰ্দ্ধৰ খিতাপ লাভ কৰিছে অমিত শৰ্মাই। ফাইনেলত চতুর্থ বাছনিৰ অমিতে অঘটন ঘটাই ৭-৫, ৬-৩ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে শীর্ষ বাছনিৰ তুলেশ্বৰ সিঙক। ৪৫ বছৰ উৰ্দ্ধৰ ডাবলছ শাখাৰ ফাইনেলত জীতেন্দ্র প্রধান আৰু তুলেশ্বৰ সিং যুটিয়ে ৬-১, ৪-৪ ৰ ব্যৱধানত যােগেশ কোহলি আৰু সঞ্জয় কুমাৰৰ যুটীক হৰুৱাই খিতাপ লাভ কৰে। ইফালে, দ্বিতীয় বাছনিৰ অজিত ভৰদ্বাজে পুৰুষৰ একক শাখাৰ ৫৫ বছৰ উৰ্দ্ধৰ খিতাপ লাভ কৰিছে। ফাইনেলত তেওঁ ৬-৩, ৬-০ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে আশীষ সেনক। ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছ খিতাপ লাভ কৰে ৰণদ্বীপ বৰুৱা আৰু হাকিম আলি যুটিয়ে। ফাইনেলত বৰুৱা-আলি যুটিয়ে ৬-০,৬-৪ ৰ পােনপটীয়া ব্যৱধানত পৰাস্ত কৰে অজিত ভৰদ্বাজ আৰু নৰেশ ভিজ যুটিক।

উল্লেখ্য যে মুঠ তিনি লাখ চাৰি হেজাৰ টকা প্রাইজমানি থকা আই টি এফ ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতাৰ সামৰণি অনুষ্ঠানত অংশ লৈ বঁটা বিতৰণ কৰে এন আৰ এলৰ শীর্ষ বিষয়া হেমন্ত কুমাৰ শৰ্মা আৰু অসম চৰকাৰৰ শীর্ষ বন বিষয়া ডাঃ চি মুথু কুমাৰভেলে। উল্লেখ্য যে অসম টেনিছ সন্থাক এই প্রতিযােগিতা আয়ােজন কৰাত সহায় কৰিছে এন আৰ এল, ষ্টাৰ চিমেন্ট, প্রিয়া কমিউনিকেছন, ষ্টাৰলাইট পাৱাৰ, ইন্দ্রধনুশ গেছ এণ্ড গ্রিড লিমিটেড, কর্টেক ইণ্টাৰনেছনেল প্রাইভেট লিমিটেড, এ চি ই পাইপলাইন কনক্রেকছ প্রাইভেট লিমিটেড, আৰিয়ান ইষ্টেট ডেভলপাৰ্ছ, নৱৰূপ ইঞ্জিনিয়াৰিঙৰ লগতে পৰাগ চুতীয়া, মাধুৰ্য্য দত্ত আদি শুভাকাংক্ষীয়ে। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনােৱা অনুসৰি অহা ১৫-২০ নৱেম্বৰলৈ গুৱাহাটীৰ চচল ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব আইটি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযােগিতা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments