প্ৰথম ITO টাং-চু-ডু বিশ্ব চেম্পিয়নশ্বিপত অসমৰ লিজা খাখলাৰীয় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছে।
কৰনা মহামাৰীৰ সংক্ৰমণৰ বাবে যোৱা ৭ আৰু ৮ নৱেম্বৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল ITO টাং-চু-ডু বিশ্ব চেম্পিয়নশ্বিপ ২০২০। এই প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ লিজা খাখলাৰীয়ে পুমছে (কাটা) ত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
বিশ্বৰ মুঠ ১৪ খন দেশৰ কেইবাশতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই অনলাইন বিশ্ব চেম্পিয়নশ্বিপখনত কেইবাটাও শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ লিজা খাখলাৰীয়ে এই সফলতা লাভ কৰাত অসম টাং-চু-ডু সন্থাই খেলুৱৈগৰাকীক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত অধিক সফলতাৰ অৰ্জনৰ বাবে আশীৰ্বাদ কৰিছে।