Sunday, October 2, 2022
HomeNewsহিৰো আই ডব্লিউ এলতযুঁজ দিও হাৰিল গুৱাহাটী চিটি এফ চি

হিৰো আই ডব্লিউ এলতযুঁজ দিও হাৰিল গুৱাহাটী চিটি এফ চি

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম মেচৰ শোচনীয় পৰাজয় পাহৰি দেওবাৰে হিৰো ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছত মণিপুৰৰ ইয়ং ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাজয় বৰণ কৰিলে গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ মহিলা দলটোৱে ৷ নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ দ্বিতীয়খন মেচত জিচিএফচিয়ে আৰম্ভণিৰে পৰা তীব্ৰ আক্ৰমণ চলায় ৷ অৱশ্যে প্ৰথম মিনিটতে চালাম ৰীণা ৰয় দেৱীয়ে ৰক্ষণ বিভাগৰ এটা ভুলৰ সুযোগ লৈ জিচিএফচিৰ বিৰুদ্ধে স্ক’ৰ কৰে ৷ ইয়াৰ পাছতো জিচিএফচিয়ে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখে আৰু কেইবাটাও গ’ল স্ক’ৰ কৰাৰ সুযোগ পায় ৷ দ্বিতীয়াৰ্ধতো দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখে ৷ অৱশেষত ৬৩ মিনিটত পুনৰ জিচিএফচিৰ আন এক ৰক্ষণাত্মক ভুলৰ সুযোগ লৈ ইয়ং ৱেলফেয়াৰ ক্লাবৰ তইজাম থৈবিছানা চানুৱে দ্বিতীয়টো গ’ল দিয়ে ৷ তাৰ পাছতো জিচিএফচিয়ে গ’ল স্ক’ৰৰ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও ব্যৰ্থ হয় । দেওবাৰে অনুষ্ঠিত আন এখন মেচত গুজৰাটৰ আৰা এফ চিয়ে নিজৰ জয়ৰ দৌৰ অব্যাহত ৰাখি হিমাচল প্ৰদেশৰ গ’লাজো এফ চিক ১১-০ গ’লত হৰুৱায় ৷ জিচিএফচিয়ে ৫ এপ্ৰিলত অন্তিমখন মেচত গ’লাজো এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments