Monday, October 3, 2022
HomeNewsআই ডব্লিউ এলৰ বাবে সাজু গুৱাহাটী চিটি এফ চি

আই ডব্লিউ এলৰ বাবে সাজু গুৱাহাটী চিটি এফ চি

অলিম্পিয়া প্ৰতিবেদন

ফুটবলৰ ৰণাঙ্গণত এজাক উদীয়মান তৰুণী । লক্ষ্য দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ চমুকৈ আই ডব্লিউ এল । সাজু হৈছে গুৱাহাটী চিটী এফ চি । যোগ্যতা নিৰ্ণায়ক মেচত প্ৰতিদ্বন্দ্বী মণিপুৰ, গুজৰাট আৰু হিমাচলৰ দল ।

এই দৃশ্য লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰৰ । মহিলাৰ ৰাষ্ট্ৰীয় সৰ্ববৃহৎ লীগলৈ প্ৰস্তুতি তুংগত গুৱাহাটী চিটি এফ চিৰ মহিলা দলৰ । অসমৰ সৰ্বপ্ৰথম ক্লাব হিচাপে ৰাষ্ট্ৰীয় মহিলা ক্লাব ফুটবল ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ সাজু হৈছে গুৱাহাটী চিটী এফ চি চমুকৈ জিচিএফচি ৷ দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ ইণ্ডিয়ান ৱমেনছ লীগ চমুকৈ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত খেলিবলৈ ক্লাবৰ মহিলা দলটোৱে বিগত প্ৰায় এমাহৰ পৰা পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ মুখ্য প্ৰশিক্ষক এ এফ চি ‘বি’ লাইচেঞ্চপ্ৰাপ্ত বিধান দাসৰ নেতৃত্বত আৰু সহকাৰী প্ৰশিক্ষকদ্বয় মিজোৰামৰ এএফচি ‘চি’ লাইচেঞ্চপ্ৰাপ্ত আৰ লালনুনছাংগি তথা এআইএফএফ ‘ডি’ লাইচেঞ্চপ্ৰাপ্ত বিতু দাসৰ তত্বাৱধানত ২২ জনীয়া মহিলা ফুটবল দলটোৱে লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত দুয়োবেলা কঠোৰ অনুশীলন চলাই আছে ৷

নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত ১ এপ্ৰিলৰ পৰা হ’ব লগা এই কোৱালিফায়াৰ্ছত গুৱাহাটী চিটি এফ চিৰ প্ৰতিদ্বন্দ্বী মণিপুৰৰ য়ুথ ৱেলফেয়াৰ ক্লাব, গুজৰাটৰ আৰা এফচি আৰু হিমাচল প্ৰদেশৰ গলাজো এফচি । ১ এপ্ৰিলত আৰা এফচি, তিনি এপ্ৰিলত য়ুথ ৱেলফেয়াৰ ক্লাব আৰু পাঁচ এপ্ৰিলত গলাজো এফচিৰ বিৰুদ্ধে গুৱাহাটী চিটি এফ চি অৱতীৰ্ণ হ’ব ৷ এই চাৰিওটা দলৰ ভিতৰত সৰ্বাধিক পইন্ট লভা দলটোৱে মূল ৰাউণ্ডত উপনীত হ’ব — য’ত বিভিন্ন ৰাজ্যৰ মহিলা লীগৰ চেম্পিয়ন দলবোৰে ইতিমধ্যে পোনপটীয়াকৈ প্ৰৱেশ কৰিছে ৷ অসমত মহিলা ৰাজ্যিক লীগ হোৱা নাই বাবে অসম ফুটবল সন্থাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিয়ম মতে জিচিএফচিক মনোনীত কৰিছিল ৷

কেৱল এই ক্লাবত গুৱাহাটীৰে ছোৱালী আছে এনে নহয়, যোৰহাট, নাহৰকটীয়া, তামুলপুৰ, বৰমা আদি ঠাইৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে । ছোনিয়া মাৰাকৰ দৰে খেলুৱৈ আছে, লগতে দলটোৰ অধিনায়কৰ দায়িত্বত আছে কোকৰাঝাৰ ছাইৰ পৰা অহা পুনম ।এই মেচক লৈ আশাবাদী দলটোৰ সদস্য ।

কম দিনৰ ভিতৰত দলটো প্ৰস্তুত কৰাৰ বাবে কিছু কষ্ট হলেই নিজৰ সৰ্বস্ব উজাৰি বিপক্ষৰ গ’ল প্ৰতিৰোধ কৰিবলৈ সাজু গলকীপাৰ ।

অসমৰ যুৱতীসকলক লৈ যে এই লীগৰ বাবে ছোৱালী টীম বনাব পাৰি, এই চিন্তা চৰ্চাৰ বাবে গুৱাহাটী চিটি এফ চিক ধন্যবাদ জনালে প্ৰশিক্ষক বিতু দাসে ।

মণিপুৰৰ দৰে শক্তিশালী দলটোক খেলৰ মৈদানত প্ৰতিহত কৰিবলৈ মৰণপণ যুঁজ দিব জি চি এফ চিৰ দলটোৱে । দিল্লীৰ পৰা যাতে অসমলৈ সাফল্যৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে, তাৰ সপোন আছে প্ৰশিক্ষক গৰাকীৰ ।

মহিলা খেলুৱৈসকলে প্ৰশিক্ষণত যি আহৰণ কৰিলে, সকলো অভিজ্ঞতা অৱলম্বন কৰিলে হয়তো দলটোৱে লাভ কৰিব সাফল্য । প্ৰশিক্ষক গৰাকীৰ মতে জিকা বা হৰাকৈও অসমৰ পৰা যে এই ৰাষ্ট্ৰীয় মহিলা লীগত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে, সেইটোহে ডাঙৰ কথা ।

ইফালে, অভিভাৱকৰ সহযোগিতা অবিহনে ছোৱালী খেলুৱৈৰ সৃষ্টি নহয় বুলি উল্লেখ কৰে প্ৰশিক্ষক গৰাকীয়ে । অভিভাৱক সকললৈ দিলে এক বাৰ্তা ।

উল্লেখ্য যে অহা ছিজনৰ পৰা ফেডাৰেচনে ৰাজ্যিক লীগ নাপাতিলে ক্লাব মনোনীত কৰিবলৈ সুযোগ নিদিয়ে ৷ সেয়ে ক্লাবসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ ৰাজ্যসমূহত মহিলা ফুটবলৰ ৰাজ্যিক লীগ পাতিবই লাগিব ৷

ক্ৰীড়া অনুৰাগীৰ আশা– দিল্লীৰ যোগ্যতা নিৰ্ণায়ক মেচত গুৱাহাটী চিটি এফ চিয়ে দাঙি ধৰক উন্নত প্ৰদৰ্শন । দেশৰ ভিতৰতে অপ্ৰতিদ্বন্দ্বী হৈ উঠক গুৱাহাটী চিটি এফ চিৰ ছোৱালী দল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments