অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যত চলি থকা জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ ক্ৰিকেটৰ আজি অনুষ্ঠিত এখন মেচত মুখামুখি হৈছে গোলাঘাট আৰু তিনিচুকীয়া।
দুদিনীয়া ফৰ্মেটৰ এই প্ৰতিযোগিতাৰ আজি গোলাঘাটত অনুষ্ঠিত ফাইনেল ৰাউণ্ডৰ মেচখনত তিনিচুকীয়াই টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। গোলাঘাটে ৭১.১ টা বলত প্ৰথম ইনিংছত ২০৩ ৰান সংগ্ৰহ কৰে। গোলাঘাটৰ হৈ বিক্ৰম ৰাৱটে সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰে। তিনিচুকীয়াৰ শুভম শৰ্মাই ৭১ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰে।
দিনান্তত তিনিচুকীয়াই নিজৰ প্ৰথম ইনিংছত ২২ অভাৰত ৪ টা উইকেটৰ বিনিময়ত ৭৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।