Friday, August 12, 2022
HomeNewsজে কে বৰুৱা ট্ৰফী ক্ৰিকেটত বৰপেটাৰ বিৰুদ্ধে ধেমাজিৰ অগ্ৰগতি

জে কে বৰুৱা ট্ৰফী ক্ৰিকেটত বৰপেটাৰ বিৰুদ্ধে ধেমাজিৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

জে কে বৰুৱা ট্ৰফী ১৯ বছৰ অনূৰ্দ্ধ আন্ত:জিলা ক্ৰিকেটৰ ফাইনেল ৰাউণ্ডত বৰপেটাৰ বিৰুদ্ধে ধেমাজিয়ে ইনিঙছত অগ্ৰগতি লাভ কৰি ৩ প‌ইণ্ট অৰ্জন কৰে । দুদিনীয়া মেচখনত বৰপেটাই কৰা ২০১ ৰাণৰ বিপৰীতে ধেমাজিয়ে ৬৪ অভাৰত ৯ উইকেটত কৰে ২৮৪ ৰাণ । ধেমাজিৰ এই অগ্ৰগতিৰ মূলতে আছিল সৌৰভ মৌচম দিহিঙীয়াৰ ডেৰ শতাধিক ৰাণ । তেওঁ ১৫৯ টা বলত ৭ টা ছিক্সাৰ আৰু ২০ টা বাউণ্ডেৰীৰ সহায়ত ১৬২ ৰাণৰ অৱদান আগবঢ়ায় । অনুবাগ ফুকনৰ বেটৰ পৰা আহে ৫৩ ৰাণ । বৰপেটাৰ বিষ্ণু দসে ৩ টা আৰু ৰঞ্জন বিকাশ দাসে ২ টা উইকেট লাভ কৰে । বৰপেটাই দ্বিতীয় ইনিঙছত ১৮ অভাৰত ২ উইকেটত ৩৮ ৰাণ কৰোতেই মেচখন সামৰণি পৰে ।
ফৰকাটিঙত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া মেচৰ প্ৰথম দিনা বৰপেটাই ৭৮.২ অভাৰত সকলো উইকেট হেৰুৱাই কৰে ২০১ ৰাণ । দলৰ প্ৰিতম শ‌ইকীয়া আৰু ৰঞ্জন বিকাশ দাসৰ বেটৰ পৰা আহে ক্ৰমে ৭৩ আৰু ৩৬ ৰাণ । বিপক্ষৰ অনুৰাগ ফুকনে ৩ টা উইকেট লাভ কৰে । দেওবাৰৰ পৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৰহাট আৰু শিলচৰৰ মাজত দুদিনীয়া মেচ আৰম্ভ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments