Friday, August 12, 2022
HomeNewsকনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত বোকাখাত, নগাঁও, কৰিমগঞ্জৰ বৃহৎ জয়

কনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত বোকাখাত, নগাঁও, কৰিমগঞ্জৰ বৃহৎ জয়

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বুধবাৰৰ মেচত বোকাখাত দলে নলবাৰীৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰিছে । আমিনগাঁৱত নলবাৰীয়ে ৩০ অভাৰত ৯ উইকেটত কৰা ৮৭ ৰাণৰ বিপৰীতে বোকাখাতে ১২.৩ অভাৰত ৮৯ ৰান কৰি বিজয়ী হয় । নলবাৰীৰ নাৰ্জীৱাৰা বেগমে ১৫, বোকাখাতৰ দুই অপৰাজিত খেলুৱৈ অবন্তিকা মুণ্ডাই ৩৯ আৰু মুস্কান মল্লিকে ২৪ ৰাণ কৰে । জজ ফিল্ডত নগাঁৱে ধুবুৰীক ১৯০ ৰাণত পৰাস্ত কৰে । নগাঁৱে ৩০ অভাৰত ৮ উইকেটত কৰে ২৪০ ৰাণ । দলৰ সংগীতা শইকীয়াই ৮০, হিৰামনি শইকীয়াই ৪৬ ৰাণ কৰে । প্ৰত্যুত্তৰত ধুবুৰীয়ে ২১.৫ অভাৰত ৫০ ৰাণতে ইনিংছ সামৰে । ইফালে বৰ্ষাপাৰাত মঙ্গলদৈৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰে কৰিমগঞ্জে । মঙলদৈয়ে ১৮.৩ অভাৰত ১০১ ৰাণ কৰে । দলৰ জিন্তি মণি কলিতাই ৩৯, আন্না চৰকাৰে ২৪ ৰাণ কৰে ।ইয়াৰ বিপৰীতে কৰিমগঞ্জে ২১.৪ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments