Tuesday, October 4, 2022
HomeNewsজে কে বৰুৱা ট্ৰফী ক্ৰিকেটত নগাঁৱৰ বিৰুদ্ধে ধেমাজিৰ বৃহৎ জয়

জে কে বৰুৱা ট্ৰফী ক্ৰিকেটত নগাঁৱৰ বিৰুদ্ধে ধেমাজিৰ বৃহৎ জয়

অলিম্পিয়া প্ৰতিবেদন

জে কে বৰুৱা ট্ৰফী ১৯ বছৰ অনূৰ্দ্ধ আন্ত:জিলা ক্ৰিকেটৰ ফাইনেল ৰাউণ্ডত নগাঁৱৰ বিৰুদ্ধে ধেমাজিৱে ১৯৯ ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি ৬ প‌ইণ্ট অৰ্জন কৰে । গোলাঘাট জিলা ফৰকাটিঙত অনুষ্ঠিত দুদিনীয়া মেচখনৰ প্ৰথম দিনা বৃহস্পতিবাৰে ধেমাজিয়ে প্ৰথমে বেট ধৰি ১৮৩ ৰাণ কৰাৰ বিপৰীতে নগাঁৱে ১৬১ ৰাণতে প্ৰথম ইনিংছ সামৰে । নগাঁৱৰ ৱাচিম উল্লা খানে ৬০ ৰাণ কৰাৰ বিপৰীতে ধেমাজিৰ ৰাজেশ প্ৰসাদে ৫ টা উইকেট দখল কৰে । দ্বিতীয় ইনিংছত ধেমাজিয়ে সৌৰভ মৌচম দিহিঙীয়াৰ ৭৯ আৰু অনুৰাগ ফুকনৰ ৫৮ ৰাণৰ সহায়ত ৪১.২ অভাৰত কৰে ২৫১ ৰাণ । বলিঙত নগাঁও দলৰ ৱাচিম উল্লা খানে ৪ টা উইকেট দখল কৰে। নগাঁৱে দ্বিতীয় ইনিংছত ৯ উইকেটত সংগ্ৰহ কৰে মাত্ৰ ৭৪ ৰাণ । বলিঙত বিজয়ী দলৰ অনুৰাগ ফুকনে ৪ টা আৰু ৰাজেশ প্ৰসাদে ৩ টা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments