Monday, October 3, 2022
HomeNewsজে কে বৰুৱা ১৯ বছৰ অনূৰ্দ্ধ ক্ৰিকেটত ঋষভ দীপকৰ ৮ টা উইকেট

জে কে বৰুৱা ১৯ বছৰ অনূৰ্দ্ধ ক্ৰিকেটত ঋষভ দীপকৰ ৮ টা উইকেট

অলিম্পিয়া প্ৰতিবেদন

১১জনীয়া ক্ৰিকেট দলৰ এটা ইনিংছত থাকে ১০ টা উইকেট । শেষৰজন নট‌আউট হৈ ৰয় । এয়া ক্ৰিকেট অনুৰাগীয়ে ভালকৈয়ে জনা কথা । কিন্তু এগৰাকী বলাৰে প্ৰতিপক্ষৰ ৮ টা উইকেট দখল কৰাৰ দৰে কৃতিত্বৰ অধিকাৰী হ’ল অসমৰ এগৰাকী বলাৰ দেওবাৰে । জে কে বৰুৱা ১৯ বছৰ অনূৰ্দ্ধ ক্ৰিকেটৰ ফাইনেল ৰাউণ্ডৰ মেচসমূহ চলি আছে গোলাঘাটৰ দুখন খেল পথাৰত । তাৰে ফাইনেল মেচখন যোৰহাট আৰু ধেমাজিৰ মাজত দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে গোলাঘাট জিলাৰ ফৰকাটিঙত । এইখন মেচতে যোৰহাটৰ বলাৰ ঋষভ দীপকে ৮ টা উইকেট দখল কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰথমদিনা ধেমাজিয়ে প্ৰথমে বেট ধৰি ৫৭ অভাৰত সকলো উইকেট হেৰুৱাই কৰে ২৪৮ ৰাণ । দলৰ লক্ষ্যজিৎ সোণোৱালে ৭৫ , যোছেফ বুঢ়াগোহাঁয়ে ৫৬ আৰু আবিদ ইমৰাণে ৪২ ৰাণৰ বৰঙণি আগবঢ়ায় । বলিঙত যোৰহাটৰ কেৱল ঋষভ দীপকে ৮ টা উইকেট দখল কৰে । ঋষভৰ বলিং বিশ্লেষণ হ’ল ১৯-০৩-৯৬-০৮ । প্ৰত্যুত্তৰত যোৰহাটে দিনান্তত ৩৩ অভাৰত ৯০ ৰাণতে ৬ টা উইকেট হেৰুৱাইছে । সোমবাৰে মেচখনৰ ফলাফল ওলাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments