Wednesday, October 5, 2022
HomeNewsমেচ ফিক্সঙৰ বিৰ্তকত জে কে বৰুৱা ক্ৰিকেট!

মেচ ফিক্সঙৰ বিৰ্তকত জে কে বৰুৱা ক্ৰিকেট!

অলিম্পিয়া প্ৰতিবেদন

মেচ ফিক্সঙৰ বিৰ্তকত জে কে বৰুৱা ক্ৰিকেট । অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আয়োজিত ঘৰুৱা টুৰ্ণামেন্টত অবাঞ্চিত পৰিস্হিতি । যোৰহাট – এন এফ ৰেলৱেৰ মেচ ফিক্সঙৰ অভিযোগ । মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবৰ পত্র প্ৰেৰণ ।

গোলাঘাটত অব্যাহত ১৯ বছৰ অনূৰ্দ্ধ জে কে বৰুৱা ক্ৰিকেটৰ চূড়ান্ত ৰাউণ্ডৰ খেলত মেচ ফিক্সঙৰ অভিযোগ উত্থাপন হৈছে । যোৰহাট আৰু ৰেলৱেৰ মাজৰ গ্ৰুপ পৰ্যায়ৰ খেলত ৰেলৱে ইচ্ছাকৃতভাৱে দুৰ্বল প্ৰদৰ্শনেৰে পৰাস্ত হোৱাৰ অভিযোগ তুলিছে শিলচৰে ।
প্ৰথমে একেটা গ্ৰুপৰে ৪ পইন্টৰে শীৰ্ষত আছিল শিলচৰ । আনহাতে যোৰহাট আৰু এন এফ ৰেলৱেৰ হাতত আছিল ২ পইন্টকৈ । গতিকে পইন্টৰ দিশৰ পৰা শিলচৰক অতিক্ৰম কৰিব পাৰিলেই যিকোনো এটা দলে ফাইনেলত প্ৰৱেশ কৰিব পাৰিব । ইয়াৰ বিপৰীতে, ৰাণ ৰেটৰ দিশৰ পৰা এন এফ ৰেলৱে আছিল পিছপৰা । সেয়েহে সুস্মিতা দেৱৰ পত্রত এটা কথা উল্লেখ কৰিছে – যিহেতু এন এফ ৰেলৱেৰ ৰাণ ৰেট বাকী দল সমূহককৈ তুলনামূলকভাৱে বেয়া, সেয়ে এন এফ ৰেলৱে দলে খেলপথাৰত দুৰ্বল বলিং আৰু ফিল্ডিঙেৰে যোৰহাটক ৰাণ গঢ়াত সহায় কৰি দিছিল । ড্ৰ সুত্রে যোৰহাটে খেলখনৰ পৰা ২ পইন্ট সংগ্ৰহেৰে মুঠ ৪ পইন্ট লাভ কৰে । আনহাতে ২ পইন্ট লাভ কৰি মুঠ ৪ পইন্ট পোৱাৰ পাছত উন্নত ৰাণ ৰেটিং হোৱাৰ সুবাদতে এন এফ ৰেলৱে দলক অতিক্ৰম কৰি যোৰহাটে ফাইনেলত প্ৰবেশ কৰে । শিলচৰে অভিযোগ কৰা অনুসৰি, দ্বিতীয় দিনৰ অন্তিম মুহুৰ্তত দুয়োটা দলৰ অধিনায়কে আম্পায়াৰৰ লগত কথাপাতি খেলখন নিৰ্ধাৰিত সময়তকৈ বেছি সময় খেলিলে ।

বিষয়টোৰ সন্দৰ্ভত প্ৰতিবাদ কৰিবলৈ যাওঁতেই এক অবাঞ্চিত পৰিস্হিতিৰ সৃষ্টি হয় ।একাংশ অভিভাৱকে শিলচৰ দলৰ প্ৰশিক্ষকক অপদস্থ কৰাৰ অভিযোগ তুলি অসম ক্ৰিকেট সন্থা ( এ চি এ )লৈ পত্র লিখিলে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বীজেন্দ্ৰ প্ৰসাদ সিঙে । এই পত্রৰ সহাৰি জনাইছে অসম ক্ৰিকেট সন্থাই । আনকি শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে । সমগ্ৰ বিষয়টো বিচাৰ কৰিবলৈ অহা ২৩ ফ্ৰেব্ৰুৱাৰীত শিলচৰৰ অধিনায়ক, প্ৰশিক্ষক, মেনেজাৰ সকলোকে নিমন্ত্রণ জনাইছে অসম ক্ৰিকেট সন্থাই । এই স্পৰ্শকাতৰ বিষয়টো এ চি এই নিৰপেক্ষভাৱে বিচাৰ কৰিব বুলি আশাবাদী শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জন ।

জানিব পৰা মতে, ২৩ ফেব্ৰুৱাৰীৰ বিচাৰৰ বাবে অসম ক্ৰিকেট সন্থাই নিমন্ত্রণ জনাইছে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবক । ইফালে সকলো পক্ষৰ অভিযোগ -প্ৰতিঅভিযোগ শুনি বিহীত ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।

এতিয়া প্ৰশ্ন হয়, এই অভিযোগৰ সত্যতা কিমান ? সচাকৈ জে কে বৰুৱা ক্ৰিকেটত হৈছিল নেকি মেচ ফিক্সং ? কোনোবা দুষ্ট চক্ৰই অসম ক্ৰিকেটত সানিব বিচাৰিছে নেকি মেচ ফিক্সঙৰ কালিমা ? এনে বহুবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব অহা ২৩ ফ্ৰেব্ৰুৱাৰীত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments