✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা জে.কে.বৰুৱা ট্ৰফী (অনূৰ্ধ-১৯) আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ শুক্ৰবাৰৰ খেলত হোজাই দলে গোলাঘাটক ৬ উইকেটত হৰুৱাই ফাইনেলত উপনীত হৈছে । খেলখনত গোলাঘাট দলে টছত জিকি পোনতে বেট ধৰি সুশান্ত ভৰদ্বাজৰ-৬৮, ৰাহুল আগৰৱালাৰ-৫৮ আৰু দিপু গগৈৰ-১৯ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ৩৮.৪অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১৭৪ ৰাণ সংগ্ৰহ কৰে । বলিঙত হোজাইৰহৈ হাচিন স্বৰাজে পাঁচটা, নেৱাজ তালুকদাৰে দুটা,শিৱম লোধ আৰু আৰ্দশ ৰয়ে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত হোজাই দলে বেট ধৰি অধিনায়ক বিশাল শীলৰ অপৰাজিত-৮৩, শিৱম লোধৰ-২০, পৃথীৰূপ চৌধৰীৰ অপৰাজিত-১৫ আৰু চান দত্তৰ-১৪ ৰাণৰ উল্লেখনীয় অৱদানৰে ৩৭.৪ অভাৰত চাৰিটা উইকেটৰ বিনিময়ত ১৭৭ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত গোলাঘাটৰহৈ তিলক চেত্ৰীয়ে দুটা, দিপু গগৈ আৰু সুশান্ত ভৰদ্বাজে এটাকৈ উইকেট পায় ।