Sunday, October 2, 2022
HomeNewsজে.কে.বৰুৱা ট্ৰফী ক্ৰিকেট,মধ্য অসম মণ্ডলত নগাঁও চেম্পিয়ন

জে.কে.বৰুৱা ট্ৰফী ক্ৰিকেট,মধ্য অসম মণ্ডলত নগাঁও চেম্পিয়ন

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত নুৰুল আমিন ষ্টেডিয়ামত মঙলবাৰে সামৰণি পৰা জে.কে. বৰুৱা ট্ৰফী (অনূৰ্ধ-১৯) আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ফাইনেলত নগাঁৱে হোজাইক ১৩০ ৰাণত হৰুৱাই চূড়ান্ত বিজয়ী হৈছে । মধ্য অসম মণ্ডলৰ ফাইনেল খেলখনত নগাঁও দলে টছত জিকি পোনতে বেট ধৰি প্ৰিয়াংশু দত্তৰ-৬২, গোপালকৃষ্ণ ঘোষৰ-৫৩, বিশ্বজিত চমুৱাৰ-২৯, ৱাছিম উল্লাহ খানৰ-২১ আৰু ময়ুৰজ্যোতি বৰাৰ অপৰাজিত-২০ ৰাণৰ উল্লেখনীয় অৱদানৰে ৪০ অভাৰত ছটা উইকেটৰ বিনিময়ত ২০৭ ৰাণ সংগ্ৰহ কৰে । বলিঙত হোজাইৰহৈ নিৱাজ তালুকদাৰে দুটা, সহদেৱ মণ্ডল, কৃষ্ণ সিং আৰু বিশাল শীলে এটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত হোজাই দলটোৱে বেট ধৰি ধীৰাজ যাদৱৰ-১৪ আৰু সহদেৱ মণ্ডলৰ-১২ ৰাণৰ বৰঙণিৰে ২০.২ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৭৭ ৰাণহে কৰিবলৈ সক্ষম হয় । বলিঙত নগাঁৱৰহৈ ফাৰুক শ্বেইখে তিনিটা, গোপালকৃষ্ণ ঘোষে দুটা, শোভন পাল, নীলদীপ্ত কাশ্যপ, ৱাছিম উল্লাহ খান আৰু ময়ুৰজ্যোতি বৰাই এটাকৈ উইকেট দখল কৰে । শম্ভুনাথ দেৱ আৰু হিমাদ্ৰী শেখৰ দাস আম্পায়াৰৰূপে থকা খেলখনত নগাঁৱৰ গোপাল কৃষ্ণ ঘোষ মেন অব দ্যা মেচৰূপে বিবেচিত হয় । খেলৰ অন্তত হোজাই ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ,নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱা আৰু প্ৰাক্তন ৰঞ্জি খেলুৱৈ প্ৰিতম কোঁৱৰ, ক্ৰীড়া সংগঠক অসীম ভাৱাল,প্ৰমোদ কোঠাৰী, ৰিংকু দাস, সমীৰ হাজৰিকা, ৰমেশ আগৰৱালা, আমিনুল ইছলাম বক্সী, মোহন চন্দ্ৰ বৰা, মৃনাল কুমাৰ হাজৰিকা, দিলীপ তালুকদাৰ, দেবজিত দাস, নুৰুদ্দিন আহমেদ, শোণিত বৰুৱা আদিৰ উপস্থিতিত বিভিন্ন বঁটাসমূহ বিতৰণ কৰা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments