Wednesday, October 5, 2022
HomeNews১০ ফেব্ৰুৱাৰীৰ পৰা জে কে বৰুৱা ট্ৰফী ক্ৰিকেটৰ ফাইনেল ৰাউণ্ড গোলাঘাটত

১০ ফেব্ৰুৱাৰীৰ পৰা জে কে বৰুৱা ট্ৰফী ক্ৰিকেটৰ ফাইনেল ৰাউণ্ড গোলাঘাটত

অলিম্পিয়া প্ৰতিবেদন

গোলাঘাটত অহা ১০-২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জে কে বৰুৱা ট্ৰফী ১৯ বছৰ অনূৰ্দ্ধ আন্ত:জিলা ক্ৰিকেট টুৰ্ণামেন্টৰ ফাইনেল ৰাউণ্ডৰ মেচ সমূহ । এই ৰাউণ্ডৰ প্ৰতিখন মেচ দুদিনীয়াকৈ খেলোৱা হ’ব । খেলবোৰ হ’ব গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু ফৰকাটিং ক্ৰিকেট গ্ৰাউণ্ডত । মুঠ ৬ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে‌ । ইয়াৰে শিলচৰ, এন এফ ৰেলৱে আৰু যোৰহাটক ‘এ’ গ্ৰুপত আৰু বৰপেটা, ধেমাজি আৰু নগাঁৱক ‘বি’ গ্ৰুপত স্থান দিয়া হৈছে । প্ৰথম দিনাৰ পৰা শিলচৰে এন এফ ৰেলৱেৰ বিৰুদ্ধে গোলাঘাটত আৰু বৰপেটাই ধেমাজিৰ বিৰুদ্ধে ফৰকাটিঙত অভিযান আৰম্ভ কৰিব ।১৩ ফেব্ৰুৱাৰীৰ পৰা শিলচৰে যোৰহাটৰ বিৰুদ্ধে গোলাঘাটত আৰু বৰপেটাই নগাঁৱৰ বিৰুদ্ধে ফৰকাটিঙত খেলিব । একেদৰে ১৬ ফেব্ৰুৱাৰীৰ পৰা ৰেলৱে দলে যোৰহাটৰ বিৰুদ্ধে গোলাঘাটত আৰু ধেমাজিয়ে নগাঁৱৰ বিৰুদ্ধে ফৰকাটিঙত খেলিব । গ্ৰুপৰ বিজয়ী দল দুটাই ১৯ ফেব্ৰুৱাৰীৰ পৰা ফৰকাটিঙত ফাইনেল মেচ খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments